ETV Bharat / state

মৰিগাঁৱত কপিলী নদীৰে উটি আহিল আবক্ষ মূৰ্তি - মৰিগাঁৱৰ আহঁতগুৰিৰ পূৱ ডাৱৰঘাট

পানীৰ পৰা উদ্ধাৰ কৰি আৰক্ষীক গটাই দিলে স্থানীয় লোকে। উমৰাংচুৰ নীপকোৰ জলবিদ্যুত প্ৰকল্পৰ পৰা উটি অহাৰ সন্দেহ ।

মৰিগাঁৱত কপিলী নদীৰে উটি আহিল আবক্ষ মূৰ্তি
author img

By

Published : Oct 17, 2019, 10:57 PM IST

মৰিগাঁও,17 অক্টোবৰ: বৃহস্পতিবাৰে মৰিগাঁৱত কপিলী নদীত উটি আহিল এটা আবক্ষ মূৰ্তি। ঘটনাৰ বিৱৰণী মতে,মৰিগাঁৱৰ আহঁতগুৰিৰ পূৱ ডাৱৰঘাটৰ নিবাসী কেশৰাম মেধিয়ে নদীৰ পাৰলৈ যাওঁতে পানীত ওপঙি অহা প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে এই আবক্ষ মূৰ্তিটো। লগে লগে ব্যক্তিজনে মৰিগাঁও আৰক্ষীক খবৰ দিয়ে ৷ মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ধৰমতুলত মূৰ্তিটো প্ৰাথমিক পৰীক্ষা কৰি সাধাৰণ চিমেণ্টৰ দ্বাৰা নিৰ্মিত বুলি ধাৰণা কৰিছে ।

আৰক্ষীয়ে এই আবক্ষ মূৰ্তিটো উমৰাংচুৰ নীপকোৰ জলবিদ্যুত প্ৰকল্পৰ পৰা উটি অহাৰ সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমানলৈকে উদ্ধাৰ হোৱা মূৰ্তিটো কাৰ,কিয় এনেদৰে অৱহেলিত কৰি পানীত উটুৱাই দিলে তাক জানিব পৰা হোৱা নাই ৷ ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কপিলী নদীত উদ্ধাৰ আবক্ষ মূৰ্তি

Intro:মৰিগাঁৱৰ কপিলী নদীত উটি আহিল আবক্ষ মূৰ্তি ।স্হানীয় এজন ব্যক্তিৰ দ্বাৰা পানীৰ পৰা উদ্ধাৰ কৰি আৰক্ষীক গটাই দিলে আৰক্ষীক। কোনে কিয় এনেদৰে পানীত উটুৱাই দিলে তাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি ।Body:বৃহস্পতিবাৰে মৰিগাঁৱত কপিলী নদীত উটি আহিল কোনো প্ৰখ্যাত ব্যক্তিৰ আবক্ষ মূৰ্তি । ঘটনাৰ বিৱৰণী মতে মৰিগাঁৱৰ আহঁতগুৰিৰ পুৱ ডাৱৰঘাটৰ নিবাসী কেশৰাম মেধিয়ে নদীৰ পাৰলৈ যাওঁতে পানীত ওপঙি অহা প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে এই আবক্ষ মূৰ্তিটো। পাছত মৰিগাঁও আৰক্ষী অধীক্ষক খবৰ দিয়ে। মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই স্হানীয় ধৰমতুলত আৰক্ষীৰ জৰিয়তে মূৰ্তিটো প্ৰাথমিক পৰীক্ষা কৰি সাধাৰণ চিমেণ্ট দ্বাৰা নিৰ্মিত বুলি ঠাৱৰ কৰিছে ।আৰক্ষীৰ ভাষ্য মতে উমৰাংচুৰ নেপকোৰ জলবিদ্যুত প্ৰকল্পৰ পৰা উটি অহাৰ সন্দেহ ।বৰ্তমানলৈ উদ্ধাৰ হোৱা মূতিটো কাৰ, কিয় এনেদৰে অৱহেলিত কৰি পানীত উটুৱাই দিলে তাক লৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।bytes:founderConclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.