ETV Bharat / state

তিনিবাৰকৈ পূজাৰ বেদী সলনি কৰা এখন দুৰ্গা পূজা

মৰিগাঁৱৰ ভূৰাগাঁৱৰ লেঙেৰীবড়ীৰ এই পূজাৰ বেদীৰে জড়িত সহস্ৰাধিক লোকৰ হা-হুমুনিয়াহ । বিগত 65 টা বছৰে এই খন লেঙেৰীবড়ীতে মহা আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ ৷ বিগত তিনিবছৰে অঞ্চলজুৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া ৷

author img

By

Published : Oct 5, 2019, 7:20 PM IST

তিনিবাৰকৈ পূজাৰ বেদী সলনি কৰা এখন দুৰ্গা পূজা

মৰিগাঁও, 5 অক্টোবৰ: এবাৰ দুবাৰ নহয় তিনিবাৰ পূজাৰ বেদী সলনি কৰা ৰাজ্যৰ এখন বিশেষ পূজা ৷ শাৰদীয় দুৰ্গোৎসৱত বিগত তিনি বছৰে মা দুৰ্গাৰ বেদীৰ স্থান সলনি কৰিব লগা হৈছে এই পূজাথলীত ৷ মৰিগাঁৱৰ ভূৰাগাঁৱৰ লেঙেৰীবড়ীৰ এই পূজাৰ বেদীৰে জড়িত সহস্ৰাধিক লোকৰ হা-হুমুনিয়াহ । বিগত 65 টা বছৰে এই খন লেঙেৰীবড়ীতে মহা আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ ৷

কিন্তু বিগত তিনিবছৰে অঞ্চলজুৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া ৷ ফলত ইয়াৰ বাসিন্দা সকলৰ ঘৰবাৰী, অনুষ্ঠান, প্ৰতিষ্ঠানৰ লগতে এই পূজাৰ বেদীও সলনি কৰিবলগীয়া হয় ভক্তপ্ৰাণ ৰাইজে ৷ বৰ্তমান অৱস্থাত পূজা ভাগ অনুষ্ঠিত কৰিবলৈও অৰ্থৰ লগতে মানুহৰ অভাৱ হোৱাৰ কথা প্ৰকাশ কৰে অঞ্চলবাসীয়ে ৷ সেয়েহে মাত্ৰ নিয়ম মাফিক তেল-শলিতা জ্বলাই উদযাপন কৰিব লগা হৈছে এই পৰম্পৰাগত শাৰদীয় দুৰ্গোৎসৱ । দুখ আৰু উদ্ধেগজনক বিষয় এয়ে যে, বিগত তিনিদিনে অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই মহা দশমীলৈকে অৰ্থাৎ মা দুৰ্গাৰ বিসৰ্জনলৈকে পূজাস্থলী থাকিবগৈ নাই তাৰো নিশ্চয়তা নাই ৷ এনে পৰিস্থিতিত চিন্তিত হৈ পৰিছে মৰিগাঁৱৰ লেঙেৰীবড়ীৰ ভক্তগণ ৷

Intro:মৰিগাঁৱৰ এখন বিশেষ পূঁজাৰ থলী।তিনি বাৰকৈ সলনি পূঁজাৰ বেদী।তথাপি পৰম্পৰাৰক্ষাৰ বাবে দেৱীৰ ওচৰত তেল শলিতা জ্বলাই দূৰ্গতি নাশিনীৰ ওচৰত মূৰ দোৱাবলৈ পাহৰা নাই মৰিগাঁৱৰ লেঙেৰীবড়ীবাসীয়ে।Body:এবাৰ, দুবাৰ নহয় তিনিবাৰ পূঁজাৰ বেদী সলনি কৰা ৰাজ্যৰ এখন বিশেষ পূঁজাথলী। ৰাজ্যৰ ক'ত আছে এই আজব দূৰ্গাপূঁজা বেদী ? শাৰদীয় দূগ্যোৎসৱ বা দূৰ্গা পূজা বুলিলে আপোনাৰ মোৰ মনলৈ যিখন ছবি সততে ভাঁহি উঠে তাৰ বিপৰীত ছবি এইখন বিশেষ পূঁজাৰ মণ্ডপত। এক নিমাও মাও পৰিবেশ ।হয়তু ছবি প্ৰত্যক্ষ কৰিয়েই অনুমান কৰিব পাৰিছে আপুনি! হয়তু আপুনি ভাবিছে এইপূজাৰে জড়িত হৈ আছে ভাষাৰে বৰ্ণনাব নোৱাৰা ট্ৰেজেদি ।
সচাঁ কথা । মৰিগাঁও ভূৰাগাঁৱৰ লেঙেৰীবড়ীৰ এই পূঁজাৰ বেদীৰে জড়িত সহস্ৰাধিক লোকৰ হা হুমুনিয়াহ । বিগত পয়ষষ্ঠি টা বছৰে এইখন লেঙেৰীবড়ীতে মহা আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হৈছিল শাৰদীয় দূগ্যোৎসৱ । ঢাক ঢোলৰ মাতে মুখৰিত কৰিছিল বৰলুইতৰ পাৰ। জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে কেইবাদিন ধৰি আনন্দ উল্লাস কৰিছিল সোণালী জয়ন্তী অতিক্ৰম কৰা পূঁজা ভাগে। লানি লানি জেলেপিৰ পোহাৰী,মণিহাৰি,পুতলা অথবা ৰং বিৰঙৰ বেলুনে দিছিল এক সুকীয়া মাত্ৰা।হিল দল ভাগি ধন,বিদ্যা,শক্তি বিচাৰি ঢপলিয়াই আহি অগণন লোকে আঠু লৈছিল । পুৰোহিতৰ -যা দেৱী সৰ্বভূতেস্বো শক্তি ৰূপে ন সংস্হিতা নমো নমঃ নমো নমঃ আদি বেদধনিত প্ৰাণৱন্ত হৈছিল পূজাৰ পবিত্ৰ বেদী। আজি সকলো মাথো স্মৃতি । লুইত পৰীয়ালোকসকলৰ এই ৰং ৰহইচ সহ্য নহ'ল মহাবাহু ব্ৰহ্মপুত্ৰৰ। অঞ্চলজুৰি তিনি বছৰ ধৰি অব্যাহত আছে প্ৰবল গৰাখহনীয়া । সেয়েহে ইয়াৰ বাসিন্দা সকলৰ ঘৰবাৰী,অনুষ্ঠান,প্ৰতিষ্ঠানৰ লগতে এইভাগ আইৰ পূঁজা বেদী সলনি কৰিবলগীয়া হয় সংস্কৃতিবান তথা ভক্তপ্ৰাণ লোকসকলে তিনিবাৰকৈ সলনি কৰিবলগাত পৰিছে।উল্লেখযোগ্য যে চিৰকালৰ বাবে এই ক্ষেত্ৰ পৰিত্যাগ কৰি দিপান্তৰ হৈছে বহুলোক।কাজেই পূঁজা ভাগ অনুষ্ঠিত কৰিবলৈ নাই মানুহ। তথাপি মনে নামানে সেয়েহে নিয়মৰ টো ৰক্ষা কৰি কেৱল তেল শলিতা জ্বলাই উদযাপন কৰিছে পৰম্পৰাগত শাৰদীয় দূগ্যোৎসৱ ।
দুখ আৰু উদ্ধেগজনক বিষয় এয়ে যে বিগত তিনিদিনে অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই মহা দশমীলৈকে সহ্য কৰেনে নকৰে তাৰো নিশ্চয়তা নাই। দূৰ্গতি নাশিনী, দশভুজা, কত্যায়নি তথা মৰ্হিষ মৰ্দিনীৰ অৰ্চন-বৰ্দনৰ কেইহাটমান দূৰতে অবস্থান কৰিছেহি গৰাখহনীয়াই । ইয়াৰ বাবে ভীষণ চিন্তিত মৰিগাঁৱৰ লেঙেৰীবড়ীৰ ভক্তগণ।
Byte: devotee publics(2)
সেয়েহে পূঁজা বুলি আপোনাৰ, মোৰ লেখীয়া ন সাজ পৰিধান কৰাৰ পৰিবৰ্তে কোনো জনে গেঞ্জী, কোনোজনে তিয়নি পৰিধান কৰিয়েই অবুজ মনক দিছে বুজনি।
তাৎপৰ্যপূৰ্ণ এইয়ে যে এই অৰ্চন-বৰ্দনৰ পাছত দূৰ্গতি নাশিনীয়ে গৰাখহনীয়া গ্ৰস্ত লোকসকলৰ ঠিকনা হেৰুৱাৰ দুখ নাশ কৰে নে বেছি কৰে সেয়া এক কোটিটকীয়া প্ৰশ্ন ।Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.