মৰিগাঁও, ১৬ জুন : ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান । বিভিন্ন জিলাত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী(Drug traffickers) তথা ব্যৱসায়ী(Drug dealer) ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । মৰিগাঁও জিলাৰ বিভিন্ন স্থানতো আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । এই অভিযানৰ মাজতে বুধবাৰে লাহৰীঘাট আৰক্ষীৰ জালত পৰিল দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ।
ধৃত ড্ৰগছ সৰবৰাহকাৰী কেইজন ক্ৰমে মকবুল ইছলাম আৰু জেহিৰুল ইছলাম । দুয়োজনৰ পৰা লাহৰীঘাট আৰক্ষীয়ে ৮ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ, ৩ টা খালী কণ্টেইনাৰ আৰু এটা ম'বাইল জব্দ কৰে । ইতিমধ্যে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: কৰিমগঞ্জ আৰক্ষীৰ জালত বন মাফিয়া মিলি