ETV Bharat / state

মৰিগাঁৱৰ দুই পৃথক স্থানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক

author img

By

Published : Apr 7, 2022, 3:09 PM IST

মৰিগাঁৱৰ দুই পৃথক স্থানত চলিল ড্ৰাগছ বিৰোধী অভিযান ৷ বুধবাৰে নিশা পুনৰ মৈৰাবাৰীত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আৰক্ষীৰ জালত পৰে এটা সৰবৰাহকাৰী(Drugs peddlers were arrested with drugs) ৷ ইয়াৰ লগতে লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত দাঁতিয়ালবৰীৰ পৰা জব্দ কৰা হৈছে তিনি কোটি মূল্যৰ ড্ৰাগছ ৷ উক্ত ঘটনাত জড়িত মহিলা সহ তিনি সৰবৰাহকাৰীক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷

drugs-peddlers-were-arrested-with-drugs-in-two-places-in-morigaon
মৰিগাঁৱৰ দুই পৃথক স্থানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক

ধিং, 7 এপ্ৰিল : মকৰাজালৰ দৰে ৰাজ্যৰ চুক-কোণ ছানি ধৰিছে নিষিদ্ধ ড্ৰাগছে ৷ বিশেষকৈ অধিকাংশ যুৱপ্ৰজন্মই ড্ৰাগছৰ কবলত পৰি অন্ধকাৰ ভৱিষ্যতৰ দিশে গতি কৰিছে ৷ পিছে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ ফলত কিছু পৰিমাণে হ্ৰাস পাইছে ড্ৰাগছৰ ব্যৱসায় ৷ বুধবাৰে নিশা পুনৰ মৈৰাবাৰীত বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে আৰক্ষীৰ জালত পৰে এটা সৰবৰাহকাৰী(Drugs peddlers were arrested with drugs) ৷

নিশা প্ৰায় ১০ টা মান বজাত এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মৰিগাঁও(Morigaon Police Station) আৰু মৈৰাবাৰী থানা(Moirabari Police Station)ৰ আৰক্ষীৰ এটা দলে গুণাইবড়ী গাঁৱৰ চাৰি নং ৱাৰ্ডৰ আইনুল হকৰ ঘৰত তালাচী চলায় ৷ আৰক্ষীয়ে এই ড্ৰাগছ বিৰোধী অভিযানত নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে ইব্ৰাহিম আলী নামৰ সৰবৰাহকাৰীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

drugs-peddlers-were-arrested-with-drugs-in-two-places-in-morigaon
ড্ৰাগছ সৰবৰাহকাৰী আটক

আৰক্ষীৰ দলটোৱে লোকজনৰ পৰা ২৬ টা নিষিদ্ধ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, ৪৫ টা খালী কণ্টেইনাৰ, ৪ টাকৈ চিৰিঞ্জ, দুটা ম'বাইলৰ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো গুণাইবড়ী গাঁৱৰ ৮ নং ৱাৰ্ডৰ আইনুল হকৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে আটকাধীন ব্যক্তিজনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

আনহাতে, জিলাখনৰ লাহৰীঘাট আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানত দাঁতিয়ালবৰীৰ পৰা জব্দ কৰা হৈছে তিনি কোটি মূল্য ড্ৰাগছ ৷ তদুপৰি উক্ত ঘটনাত জড়িত মহিলা সহ তিনি সৰবৰাহকাৰীক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আটক কৰা ব্যক্তি কেইজন ক্ৰমে নগাঁও হাটপাৰাৰ জেহিৰুল ইছলাম, বৰতল কছাৰীগাঁৱৰ অনিৰুল ইছলাম আৰু চেলিমা খাতুন বুলি জানিব পৰা গৈছে ৷

ড্ৰাগছখিনি সৰবৰাহকাৰী কেইটাই AS 02 CC 0989 নম্বৰ টাটা ম’বাইল বাহনখনেৰে আনি থকা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে ৷ সৰবৰাহকাৰী কেইটাই প্ৰায় ২৮ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছখিনি ৷ জব্দ কৃত ড্ৰাগছখিনিৰ ওজন ৩৯০ গ্ৰাম হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে চাওক: IPL ৰ নামত ৰাজ্যত চলিছে বৃহৎ জুৱা; তিনিচুকীয়াত আটক জুৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.