ETV Bharat / state

এজেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক : ডাঃ নজৰুল ইছলাম

author img

By

Published : Sep 30, 2020, 1:55 PM IST

এখন দলীয় সভাত সমাগত নিৰ্বাচনৰ বিষয়ে কেতবোৰ মন্তব্য আগবঢ়ায় 81 নং লাহৰীঘাট বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ নজৰুল ইছলামে ৷ 2021 ৰ বিধানসভা নিৰ্বাচনত এক ত্ৰিকোণীয় প্ৰতিদ্বন্দিতা হ'ব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷

ডাঃ নজৰুল ইছলাম
ডাঃ নজৰুল ইছলাম

মৰিগাঁও, 30 চেপ্তেম্বৰ: "দুই-চাৰিজন বিজেপি, আৰ এছ এছ বা ছাত্ৰ সন্থাৰ ল'ৰা-ছোৱালীয়ে মোক হৰুৱাব নোৱাৰে ৷ যিটো সমষ্টিৰ মই 5 বাৰকৈ বিধায়ক সেইটোত আন কাৰো প্ৰশ্নই আহিব নোৱাৰে ৷ "মৰিগাঁৱৰ বৰালিমাৰীত অনুষ্ঠিত এখন দলীয় সভাত উপস্থিত থাকি সংবাদ মাধ্যমযোগে এই মন্তব্য কৰে 81 নং লাহৰীঘাট বিধান সভা সমষ্টিৰ বিধায়ক ডাঃ নজৰুল ইছলামে ৷

এজেপিয়ে অধিক ক্ষতিগ্ৰস্ত কৰিব বিজেপিক: ডাঃ নজৰুল ইছলাম

ইয়াৰোপৰি তেওঁ কয়, 2021 ৰ বিধানসভা নিৰ্বাচনত এক ত্ৰিকোণীয় প্ৰতিদ্বন্দিতা হ'ব ৷ কংগ্ৰেছ মিত্ৰজোঁট, বিজেপি মিত্ৰজোঁট আৰু এজেপিৰ মাজত ৷ এই নিৰ্বাচনত এজেপিয়ে যিটো ক্ষতি কৰিব তাৰে আংশিক প্ৰভাৱহে কংগ্ৰেছত পৰিব ৷ এজেপিয়ে কংগ্ৰেছক কৰা ক্ষতিৰ পৰিমাণ যদি 5 শতাংশ হয় তেন্তে বিজেপিক কৰা ক্ষতিৰ পৰিমাণ হ'ব 20 শতাংশ হ'ব ৷ গতিকে বিজেপিক যে পৰাভূত কৰিব পৰা যাব তাত কোনো সন্দেহ নাই বুলিও কয় তেওঁ ৷ আনহাতে তেৱেঁই যে পুনৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক হ'ব তাৰ প্ৰতিও তেওঁ পূৰ্ণ বিশ্বাসী বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ভাৰত বৰিষ নৱ জাগৰণ ঐতিহ্য মহোৎসৱ আৰু জাতীয় চেতনা বৰ্ষৰ শুভাৰম্ভণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.