ETV Bharat / state

Doctors accused of negligence: অৱহেলা; সময়মতে চিকিৎসালয় গৈ পোৱাৰ পাচতো মৃত্যু ঘটিল ৰোগীৰ!

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 7:30 AM IST

Updated : Oct 10, 2023, 10:21 AM IST

মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ সোমবাৰে এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি এই পৰিস্থিতি । চিকিৎসকৰ অমনোযোগিতাৰ বাবেই মহিলাগৰাকীয়ে মৃত্যুক আকোঁৱালি লয় বুলি অভিযোগ পৰিয়ালৰ ।

Doctors accused of negligence patient dies in Morigaon
এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

মৰিগাঁও, 10 অক্টোবৰ : ৰোগীৰ প্ৰতি ইমান অৱহেলা কিয় চিকিৎসকৰ ? সোমবাৰে এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । চিকিৎসাৰ ক্ষেত্ৰত চিকিৎসকৰ অমনোযোগিতাৰ বাবেই মহিলা গৰাকীৰ মৃত্যু ঘটে বুলি অভিযোগ তুলিছে পৰিয়ালে ।

পৰিয়ালৰ অভিযোগ অনুসৰি শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ৰ চিকিৎসক তথা নাৰ্ছে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ বাবেই জণ্ডিচত আক্ৰান্ত মহিলাগৰাকী মৃত্যুমুখত পৰে । বিশেষকৈ চিকিৎসা মহাবিদ্যালয়খনত কৰ্তব্যৰত সকলোৱে এটা স্থানৰ পৰা বাৰে বাবে আন এটা স্থানলৈ চিকিৎসক বিচাৰি যাবলৈ আত্মীয়ক পৰামৰ্শ দিছিল ৷ চিকিৎসা কৰ্মীৰ অমনোযোগিতাৰ বাবেই তেওঁলোকে আত্মীয়ক হেৰুৱাৱলগীয়া হ’ল বুলি ক্ষোভ প্ৰকাশ কৰিছে ।

সোমবাৰে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ তুলিছে জণ্ডিচত আক্ৰান্ত লৈ মৃত্যুক সাৱটি লোৱা মহিলা গৰাকীৰ পৰিয়ালে । ঘটনাৰ বিৱৰণী অনুসৰি, মৰিগাঁৱৰ দীঘলবড়ী গাঁৱৰ হৰেমাই মেধি নামৰ মহিলা গৰাকীক শাৰীৰিক অসুস্থতা তথা জ্বৰ আৰু জণ্ডিচত আক্ৰান্ত হোৱাৰ বাবে দেওবাৰে দুপৰীয়া শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল । চিকিৎসালয়খনত এগৰাকী নাৰ্ছে বিনামূলীয়া পৰীক্ষাৰ নামত দুশ টকা আদায় কৰে বুলিও অভিযোগ তুলিছে আত্মীয়ই ।

কৰ্তব্যৰত চিকিৎসকে যথোপযুক্ত চিকিৎসা সেৱা কৰাৰ পৰিৱৰ্তে অৱহেলা কৰাৰ ফলশ্ৰুতিতেই সোমবাৰে মহিলা গৰাকীয়ে মৃত্যুক আকোঁৱালি লয় বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে । ইয়াৰ পিচতে চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ লগতে চিকিৎসক আৰু নাৰ্ছৰ ওপৰত মহিলা গৰাকীৰ পৰিয়ালৰ লোকসকল ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : Child Protection Meeting : মৰিগাঁৱৰ জিলা আয়ুক্তৰ উপস্থিতিত শিশু সুৰক্ষা সম্পৰ্কীয় বৈঠক সম্পন্ন

Last Updated : Oct 10, 2023, 10:21 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.