ETV Bharat / state

DC Debasish Sarma announcement: মৰিগাঁও-নগাঁও জিলাৰ চৰাঞ্চল পৰিদৰ্শন মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাৰ - চৰ চাপৰি অঞ্চল পৰিদৰ্শন

মৰিগাঁও-নগাঁও জিলাৰ সীমান্তৱৰ্তী চৰ অঞ্চলসমূহৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মৰিগাওঁ জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই (DC Debasish Sarma visit Char Area) ৷ উপায়ুক্তগৰাকীৰ লগতে ৰেডক্ৰছ ছ’চাইটিৰ অসম গোটৰ এটা দলেও অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷

DC Debasish Sarma visit Char Area
চৰ অঞ্চলৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা উপায়ুক্ত দেবাশীষ শৰ্মাৰ
author img

By

Published : Mar 10, 2023, 9:32 PM IST

মৰিগাঁও-নগাঁও জিলাৰ চৰাঞ্চল পৰিদৰ্শন মৰিগাঁও জিলাৰ উপায়ুক্ত দেবাশীষ শৰ্মাৰ

মৰিগাঁও, 10 মাৰ্চ : বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ লাহৰিঘাটৰ ২ নং টেঙাতুলী আইৰমাৰী চৰকে ধৰি কেইবাটাও চৰ এলেকাত মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই চৰ চাপৰি অঞ্চল পৰিদৰ্শন কৰে (DC Debasish Sarma visit Char Area)। চৰ অঞ্চলৰ ৰাইজৰ সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক পৰিৱেশৰ উন্নয়নৰ লক্ষ্যৰে উপায়ুক্তগৰাকীয়ে (DC Debasish Sarma)ৰেডক্ৰছৰ (Redcross society) এটা দলৰ সৈতে চৰ অঞ্চলটোৰ লোকসকলৰ সৈতে আলোচনাত মিলিত হয় ৷

সাধাৰণতে বানপানীৰ সময়ত এনে চৰ অঞ্চলসমূহ সহজতে বানৰ কবলত পৰে ৷ এইসকল লোকে যেনেতেনে জীৱন নিৰ্বাহ কৰি আছে ৷ বানৰ সময়ত এই লোকসকলে ঘৰ দুৱাৰ এৰি গৃহহীন হ’বলগীয়া হয় ৷ বানপানীৰ সময়ত যিকোনো সহায় সহযোগিতা আগবঢ়াব এই ৰেডক্ৰছ স্বেচ্ছাসেৱী সংগঠনটোৱে । ইফালে টেঙাতুলি চৰত বানৰ সময়ত লোকসকলে আশ্ৰয় ল’ব পৰাকৈ এটি ওখভেঁটি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে উপায়ুক্তগৰাকীয়ে ৷ ইয়াৰোপৰি চৰ অঞ্চলটোত থকা একমাত্ৰ বিশ্ববিদ্যালয়খনত এটা অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ কৰি প্ৰায় শতাধিক লোক আশ্ৰয় ল’ব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰে উপায়ুক্তগৰাকীয়ে ৷

নগাঁও আৰু শোণিতপুৰ জিলাৰ বিভিন্ন চৰ চাপৰিৰ পৰা উচ্ছেদিত হোৱা মৰিগাঁও জিলাৰ গৰাখহনীয়া পৰিয়ালৰ লোকসকলক পুনৰ কেনেকৈ সংস্থাপন দিব পৰা যায় সেই বিষয়েও উপায়ুক্ত দেৱাশীষ শৰ্মাই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰী কৰে ৷ উপায়ুক্তগৰাকীয়ে চৰ-চাপৰি পৰিদৰ্শন কৰি মৈৰাবাৰী মোৱামাৰীত চলি থকা ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বা চলি থকা জিঅ’ বেগৰ কাৰ্যও পৰ্যবেক্ষণ কৰে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বানপ্ৰৱণ এলেকাসমূহতো খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগৰ কাম দ্ৰুত গতিত চলি আছে ৷

আনহাতে নগাঁও জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহত জিঅ’ বেগৰ কাম 3 শতাংশও আগনবঢ়া দেখি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ফলত আগন্তুক বাৰিষা কালত ভুগিবলগীয়া সমস্যাৰ কথা চিন্তা কৰি এতিয়াৰ পৰা আতংকত ভুগিছে লোকসকলে ।

উপায়ুক্ত দেৱাশীষ শৰ্মাক ৰাইজে সাক্ষাৎ কৰি নগাঁও জিলাৰ জলসম্পদ বিভাগৰ লগতে ঠিকাদাৰে হেমাহি কৰা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভ প্ৰকাশ কৰিছে । ৰেড ক্ৰছ ছ’চাইটিয়ে এতিয়াৰ পৰাই বানাক্ৰান্ত লোকসকলৰ বাবে লোৱা সিদ্ধান্তৰ লগতে সংগঠনটোৰ লগতে উপায়ুক্ত দেৱাশীষ শৰ্মাক চৰ-চাপৰিৰ ৰাইজে প্ৰশংসা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: Nalbari drunk groom: ঢলং-পলং দৰা বাগৰি পৰিল হোমৰ গুৰিত; বিয়া ভংগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.