ধিং, ৮ মে': ৰাজ্যত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ আৰু আক্ৰান্তৰ হাৰ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ব্যৱস্থা হাতত লৈছে স্বাস্থ্য বিভাগে ৷ শনিবাৰে নগাঁৱৰ মৈৰাবাৰী বজাৰৰ লোকসকলক ৰেপিড এন্টিজেন পৰীক্ষা (RAT) কৰে মৈৰাবাৰী হাস্পতালৰ স্বাস্থ্যকৰ্মীৰ তিনিটা দলে । বজাৰৰ দোকানসমূহত ৩০০ জনকৈ ব্যক্তিৰ পৰীক্ষা কৰাত ৬ জন লোকৰ দেহত ধৰা পৰে ক'ৰণাৰ অৱস্থিতি । ইয়াৰ লগে লগে মৈৰাবাৰীত ১৩ জনলৈ বৃদ্ধি পায় ক'ৰণা আক্ৰান্ত ৰোগীৰ সংখ্যা ।
আনহাতে, শুকুৰবাৰৰ পৰা সমগ্ৰ অসমৰ লগতে মৰিগাঁও জিলাৰ মৈৰাবাৰী হাস্পতালতো ১৮-৪৪ বছৰৰ বয়সৰ হিতাধিকাৰীসকলক ক'ৰণা প্ৰতিষেধক প্ৰদান কৰা হৈছে । শনিবাৰে মৈৰাবাৰী হাস্পতালত ১৮ ৰ ঊৰ্ধৰ আৰু ৪৫ ৰ ঊৰ্ধৰ ১১০ গৰাকী হিতাধিকাৰীক ক'ৰণা প্ৰতিষেধক প্ৰদান কৰা হয় । ইতিমধ্যে, ১ এপ্ৰিলৰ পৰা ৪৫ ৰ ঊৰ্ধৰ লোকৰ সকলো হিতাধিকাৰীক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।
ইয়াৰে ১৮-৪৪ বছৰ বয়সৰ ৭০ গৰাকীৰ বিপৰীতে ৪৫ ৰ ঊৰ্ধৰ ৪০ গৰাকী হিতাধিকাৰীক প্ৰতিষেধক প্ৰদান কৰা হয় । ১৮ ৰ ঊৰ্ধৰ সকলো শ্ৰেণীৰ লোককে ক'ৰণা ভাইৰাছৰ পৰিত্ৰাণ পাবলৈ ৰেপিড এন্টিজেন পৰীক্ষা কৰি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায় মৈৰাবাৰী হাস্পতালৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডাঃ আব্দুছ ছালামে ।