ETV Bharat / state

ক'ভিড-19 ৰ বাবে পূৰ্বৰ দৰে ব্যস্ত নহয় মৰিগাঁৱৰ মৃন্ময় শিল্পীসকল - পশ্চিমবংগ

সমাগত দুৰ্গাপূজাক লৈ ব্যস্ত নহয় মৰিগাঁৱৰক মৃন্ময় শিল্পী সকল ৷ পূৰ্বতে সীমাহীন ব্যস্ত থকা শিল্পীসকল বৰ্তমান কামৰ অভাৱত বহি থাকিব লগা হৈছে ৷

Covid-19: The clay artists of Marigaon are not as busy for Upcoming Durga Puja
ক'ভিড-19 ৰ বাবে পূৰ্বৰ দৰে ব্যস্ত নহয় মৰিগাঁৱৰ মৃন্ময় শিল্পীসকল
author img

By

Published : Oct 11, 2020, 1:41 PM IST

মৰিগাঁও, 11 অক্টোবৰ : সমাগত দুৰ্গপূজা ৷ কিন্তু পূৰ্বৰ দৰে উচাহ নাই ৰাজ্যবাসী বা মৃন্ময় শিল্পী সকলৰ মাজত ৷ কিয়নো ক'ভিড-19 ৰ বাবে অনুষ্টুপীয়াকৈ পূজা উদযাপন কৰাৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে মৰিগাঁও জিলাতো মৃন্ময় শিল্পী সকল চলিত বৰ্ষত ব্যস্ত হোৱা পৰিলক্ষিত হোৱা নাই ৷

ক'ভিড-19 ৰ বাবে পূৰ্বৰ দৰে ব্যস্ত নহয় মৰিগাঁৱৰ মৃন্ময় শিল্পীসকল

বিগত বৰ্ষত মৃন্ময় শিল্পীসকলৰ সীমাহীন ব্যস্ত হৈ পৰে যদিও চলিত বৰ্ষত নাই ব্যস্ততা ৷ পূৰ্বতে পূজা সমিতিয়ে কৰা চুক্তি অনুসৰি পশ্চিমবংগ বা কোচবিহাৰৰ পৰা আমন্ত্ৰণ কৰি অনা নিপুন খনিকৰ সকলৰ দ্বাৰা 30/40 ফুট উচ্চতাৰ মূৰ্তি নিৰ্মাণ কৰি পূজা অনুষ্ঠিত কৰিছিল ৷ কিন্তু চলিত বৰ্ষত কোচবিহাৰৰ বা পশ্চিম বংগৰ পৰা খনিকৰ অনাৰ বিপৰীতে চাৰি পাঁচজন সহায়ক শিল্পীৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছে বন্দোবস্ত কৰা মূৰ্তি সমূহ । কেৱল দৰকাৰী তথা আগধন লৈ চুক্তি কৰা মূৰ্তি নিৰ্মাণতে থমকি ৰব লগা হৈছে । ফলত পূৰ্বে থকা সহায়ক কৰ্মচাৰী সকলক মজুৰি অথবা মূৰ্তি প্ৰস্তুত কৰোতে ব্যৱহৃত হোৱা সা সামগ্ৰী ক্ৰয় কৰাৰ বাবদ গাঁঠিৰ ধন ব্যয় কৰি অব্যাহত ৰাখিছে এই পৰম্পৰা ।

লগতে পঢ়ক : ৪২ টা কল্ড ষ্ট'ৰেজৰ ১৬ টাহে কাৰ্যক্ষমঃ কি কয় উদ্যান শস্য সঞ্চালকে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.