ETV Bharat / state

Erosion in Morigaon: জিঅ' বেগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - Erosion in Morigaon

মৰিগাঁও মৈৰাবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে বহুওৱা জিঅ' বেগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ খালী বস্তাৰ ভিতৰত জিঅ' বেগৰ বস্তা ভৰাই নদীত পেলোৱা কাৰ্যই ক্ষুন্ন কৰি তুলিছে স্থানীয় ৰাইজক ৷ জিঅ' বেগৰ অসৎ ব্যৱহাৰ কৰা দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত (Corruption in Anti Erosion Scheme in Morigaon) ৷

Corruption in Anti Erosion Scheme in Morigaon
কোটিটকীয়া জিঅ' বেগৰ কামত ব্যাপক দুৰ্নীতি !
author img

By

Published : Apr 17, 2023, 11:26 AM IST

মৰিগাঁৱত জিঅ' বেগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

মৈৰাবাৰী, 17 এপ্ৰিল: মৰিগাঁও মৈৰাবাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে বহুওৱা জিঅ' বেগৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ বালি ভৰ্তি বস্তাৰ সলনি খালী বস্তাৰ ভিতৰত জিঅ' বেগৰ বস্তা ভৰাই নদীত পেলোৱা কাৰ্যই ক্ষুন্ন কৰি তুলিছে স্থানীয় ৰাইজক ৷ এই কাৰ্যৰ বিৰুদ্ধে মৰিগাঁও জলসম্পদ বিভাগে তৰিলে গোচৰ ৷ জিঅ' বেগৰ অসৎ ব্যৱহাৰ কৰা দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত (Erosion in Morigaon) ৷

উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰচণ্ড খহনীয়া প্ৰতিৰোধৰ বাবে অসম চৰকাৰে নগাঁও আৰু মৰিগাঁও জিলাৰ সীমামূৰীয়া মৌৱামাৰী, গৰৈমাৰী আৰু বৰচাপৰি লেৰোৱামুখত খহনীয়া প্ৰতিৰোধী জিঅ' বেগৰ কামৰ বাবে নগাঁও আৰু মৰিগাঁও জিলাৰ জলসম্পদ বিভাগৰ জৰিয়তে প্ৰায় 15 কোটি টকা আবন্টন দিছিল ৷ কিন্ত বাজাজ নামৰ কোম্পানী এটাই এই খহনীয়া প্ৰতিৰোধী কামৰ ঠিকা লাভ কৰাৰ পাচৰ পৰাই এই কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উথ্থাপন হৈ আহিছে (Corruption in Anti Erosion Scheme in Morigaon) ৷

প্ৰথম অৱস্থাৰ পৰাই ঠিকাদাৰজনে অতি লেহেমীয়া গতিত চলাই নিয়ে জিঅ' বেগ বহুওৱাৰ কাম ৷ প্ৰায় ৮ মাহৰ আগতে আৱন্টিত হোৱা কামটো 30 শতাংশও অগ্ৰগতি লাভ নকৰাত মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মাই মথাউৰি নিৰ্মাণৰ কামটো পৰিদৰ্শন কৰি নিৰ্দিষ্ট সময়ত যিকোনো প্ৰকাৰে কাম শেষ কৰাৰ বাবে কঢ়া নিৰ্দেশ দিছিল ৷ উপায়ুক্ত গৰাকীয়ে আগন্তুক বাৰিষাৰ আগতেই এই কাম শেষ কৰাৰ বাবে নিৰ্দেশ দিছিল ৷ কিন্তু শেহতীয়াকৈ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে আদেশ অনুযায়ী কাম নকৰি খালি জিঅ' বেগৰ ভিতৰত বালি ভৰ্তি নকৰি বস্তাৰ ভিতৰত বস্তা ভৰাই পানীত পেলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷

বৰ্তমান অঞ্চলটোৰ ঠায়ে ঠায়ে ব্ৰহ্মপুত্ৰ নদীয়ে খহনীয়াৰ সূষ্টি কৰাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷ বিগত বৰ্ষত খহনীয়াই তচনচ কৰি পেলাইছিল মৌৱামাৰী, বৰচাপৰি, তাতিকটা লেৰোৱামুখ গাঁৱৰ মথাউৰি ৷ যোৱা বছৰৰ মে'- জুন মাহত ব্ৰহ্মপুত্ৰ নদীয়ে ভয়াবহ ৰূপত খহনীয়াৰ সৃষ্টি কৰি চাৰিখন গাঁৱৰ প্ৰায় পাঁচ শতাধিক পৰিয়ালক গৃহহীন কৰাৰ লগতে কৃষি ভূমি ধ্বংস কৰিছিল ৷ বহু দুখীয়া দৰিদ্ৰ লোকৰ ঘৰ-বাৰী উছন কৰি পেলোৱা এই খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে এই মথাউৰিত জিঅ’ বেগ স্থাপনৰ বাবে টকাৰ অনুমোদন দিয়ে ৷

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাইয়ো এই খহনীয়া প্ৰতিৰোধী জিঅ' বেগৰ কাম বাৰিষাৰ আগতে সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ জনক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু ঠিকাদাৰজনে মন্ত্ৰীৰ এনে কাঢ়া নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই অতি লেহেমীয়া গতিত চলাই নিছে এই কাম ৷ ফলত মৈৰাবাৰী অঞ্চলৰ হেজাৰ হেজাৰ পৰিয়ালৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে ৷ উল্লেখযোগ্য যে বাজাজ নামৰ কোম্পানীয়ে লাভ কৰা এই খহনীয়া প্ৰতিৰোধী জিঅ' বেগৰ কাম এতিয়ালৈকে প্ৰায় 30 শতাংশহে অগ্ৰগতি লাভ কৰিছে ৷ ঠিকাদাৰৰ গাফিলতিৰ বাবে এতিয়া অঞ্চলবাসীয়ে খহনীয়াৰ আশংকাত দিন পাৰ কৰিছে ৷

লগতে পঢ়ক: Barpeta Civil Hospital: বৰপেটা অসামৰিক চিকিৎসালয়ত অন্ধকাৰত ৰোগী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.