ETV Bharat / state

কৰ'ণা ভাইৰাছক লৈ ৰাজ্যজুৰি তৎপৰতা গ্ৰহণ - জনতা ভৱন

কৰ'ণা ভাইৰাছক লৈ মৰিগাঁও জিলা প্ৰশাসনে অবলম্বন কৰিছে ব্যাপক সজাগতা ৷ বঙাইগাঁৱৰ জিলা উপায়ুক্ত এম.এচ লক্ষ্মিপ্ৰিয়াই কৰ'ণা ভাইৰাছ সম্পৰ্কে প্ৰকাশ কৰে কেতবোৰ সজাগতামূলক মন্তব্য ৷ কৰ'ণা ভাইৰাছক লৈ হোজাইতো দেখা গ'ল সতৰ্কতামূলক কাৰ্যসূচী ৷ কৰ'ণা ভাইৰাছক লৈ বিশেষ সজাগতা দেখা গ'ল জনতা ভৱনৰ লগতে গুৱাহাটীৰ ভিন্ন স্থানত ৷ কৰ'ণা ভাইৰাছ সংক্ৰান্তত বাক্সাতো আজি এক এক বৈঠক অনুষ্ঠিত কৰা হয় ৷

ৰাজ্যজুৰি তৎপৰতা গ্ৰহণ
ৰাজ্যজুৰি তৎপৰতা গ্ৰহণ
author img

By

Published : Mar 19, 2020, 8:48 PM IST

মৈৰাবাৰী, 19 মাৰ্চঃ কৰ'ণা ভাইৰাছক লৈ মৰিগাঁও জিলা প্ৰশাসনে ব্যাপক সজাগতা অৱলম্বন কৰাৰ লগতে যান-বাহনসমূহৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই প্ৰশাসনৰ উচ্ছপদস্থ বিষয়াসকলক লৈ আজি জিলাখনৰ মৈৰাবাৰী অঞ্চল পৰিদৰ্শন কৰে । পৰিদৰ্শন কালত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া, কাৰ্যবাহী অভিযন্তা মনোজ ঠাকুৰীয়াকে ধৰি চিকিৎসক কৰ্মীসকলেও অংশগ্ৰহন কৰে ৷

কৰ'ণা ভাইৰাছক লৈ মৰিগাঁও জিলা প্ৰশাসনৰ ব্যাপক সজাগতা অৱলম্বন

বঙাইগাঁওঃ কৰ'ণা ভাইৰাছ সন্দৰ্ভত বঙাইগাঁৱৰ জিলা উপায়ুক্ত এম.এচ লক্ষ্মিপ্ৰিয়াই প্ৰকাশ কৰে কেতবোৰ সজাগতামূলক মন্তব্য ৷

কৰ'ণা ভাইৰাছ সন্দৰ্ভত বঙাইগাঁৱৰ জিলা উপায়ুক্ত এম.এচ লক্ষ্মিপ্ৰিয়াৰ মন্তব্য

হোজাইঃ মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছক লৈ হোজাইতো দেখা গ'ল সতৰ্কতামূলক কাৰ্যসূচী ৷ কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত বিশেষ তৎপৰতা গ্ৰহণ কৰে হোজাইত ৷

মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছক লৈ হোজাইতো দেখা গ'ল সতৰ্কতামূলক কাৰ্যসূচী

গুৱাহাটীঃ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে হাতত লৈছে ব্যাপক সতৰ্কতা ৷ জন সমাগম নকৰিবলৈ ৰাইজলৈ আহ্বান চৰকাৰ তথা প্ৰশাসনৰ ৷ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আন এক পদক্ষেপ লৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ বৃহস্পতিবাৰে মহানগৰীৰ ফাঁচীবজাৰ, ভৰলুমুখ, মালিগাঁও, গোশালা, বৰাগাঁও আদি অঞ্চলত ৰাইজৰ মাজত গোহাৰি পত্ৰ বিতৰণ কৰে জিলা প্ৰশাসনে ৷ জন সমাগম নকৰিবলৈ আহ্বান প্ৰশাসনৰ ৷ আনহাতে কৰ'ণা ভাইৰাছৰ প্ৰতি সজাগতা অৱলম্বন কৰি আজি ফাঁচী বজাৰত চলোৱা হয় এক উচ্ছেদ অভিযান ৷ লগতে কৰ'ণা ভাইৰাছক লৈ বিশেষ সজাগতা দেখা গ'ল জনতা ভৱনতো ৷ জনতা ভৱনত এটা চিকিৎসকৰ দল উপস্থিত হৈ এই ৰোগৰ বিৰুদ্ধে ল'ব লগা সজাগতাৰ বিষয়ে অৱগত কৰে জনতা ভৱনৰ কৰ্মচাৰী সকলক ৷

কৰ'ণা ভাইৰাছক লৈ মহানগৰীতো তৎপৰতা

বাক্সাঃ কৰ'ণা ভাইৰাছ সংক্ৰান্তত বাক্সাত উপায়ুক্তৰ নিৰ্দেশনাত বিটিচি নিৰ্বাচনৰ ৰাজনৈতিক দল সমূহক ঘৰে ঘৰে প্ৰচাৰ চলাবলৈ আহ্বান ৷ উপায়ুক্তৰ কাৰ্যালয়ত জিলা খনত থকা চাৰিখন চাহ বাগিচাৰ প্ৰৱন্ধকৰ সৈতে আজি এক বৈঠক অনুষ্ঠিত কৰা হয় ৷ জানিব পৰা মতে বহিঃৰাজ্যৰ পৰা অহা কেইবাজনো শ্ৰমিকে ফাটেমাবাদ, ডুমুণী চাহ বাগিছা, মেনকা বাগিছা আৰু নাগ্ৰীজুলীত চাহ বাগিছাত থিতাপি লৈছে ৷

কৰ'ণা ভাইৰাছ সংক্ৰান্তত বাক্সাত বৈঠক

লগতে পঢ়কঃ কৰ’ণা ভাইৰাছক লৈ কিমান সজাগ ৰাইজ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.