মৰিগাঁও , ২৮ জানুৱাৰী : মৰিগাঁৱৰ লাহৰীঘাটত বৃহস্পতিবাৰে কংগ্ৰেছৰ এক বিশাল জনসভা অনুষ্ঠিত হয় । আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য় ৰাখি জিলাখনত কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্য়ে তিনিচুকীয়া ৰাজীৱ গান্ধী গ্ৰাম্য খেল পথাৰত কংগ্ৰেছৰ মাণ্ডলিক অভিৱৰ্তনৰ আয়োজন কৰা হয় । য'ত অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং ,সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈসহ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে । অনুষ্ঠানত জিলাখনৰ কংগ্ৰেছ দলৰ কৰ্মী তথা যথেষ্ঠ সংখ্য়ক সমৰ্থকে অংশগ্ৰহণ কৰে ।
এই অনুষ্ঠানতে আগন্তুক নিৰ্বাচনৰ বিভিন্ন পৰিকল্পনাৰ বিষয়ে মন্তব্য় কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । লগতে তেওঁ দাবী কৰে যে কংগ্ৰেছে এই নিৰ্বাচনত ১০০ ৰো অধিক আসন পাবলৈ সক্ষম হব । কংগ্ৰেছে এইবাৰ মুখ্যমন্ত্ৰী কোন হব তাক লৈ নিৰ্বাচন খেলা নাই, কংগ্ৰেছৰ মূল উদ্দেশ্য হৈছে চৰকাৰ গঠন কৰা বুলি মন্তব্য় কৰে সভাপতি গৰাকীয়ে । সমান্তৰালকৈ কংগ্ৰেছ দলৰ হৈ ৰাজ্য়ৰ বিভিন্ন নতুনকৈ গঠিত দলসমূহকো তেওঁলোকৰ সৈতে একেলগে বিজেপিক পৰাভূত কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি শাসিত চৰকাৰকো সমালোচনা কৰে ৰিপুন বৰাই ।
লগতে পঢ়ক :গোলাঘাটত অসম চাহ মজদুৰ সংঘৰ প্ৰতিবাদ