মৰিগাঁও, ২৬ ডিচেম্বৰ: আগন্তুক লোকসভা নিৰ্বাচনক লৈ বিজেপিয়ে পঞ্চায়তে পঞ্চায়তে বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে । শাসকীয় দলটোৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মন্ত্ৰী-বিধায়কে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি লোকসভা নিৰ্বাচনৰ বাবে দলীয় ভেঁটি শক্তিশালী কৰাৰ বাবে অভিযান চলাইছে । সমান্তৰালভাৱে বিৰোধী কংগ্ৰেছেও চলাইছে অভিযান । দলটোৱে বুথ পৰ্যায়ৰ সভাপতি সন্মিলন আৰু বুথ পৰ্যায়ৰ এজেণ্ট সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি দলীয় কৰ্মী সকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে চেষ্টা চলাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ইয়াৰ মাজতেই মঙলবাৰে মৰিগাঁও জিলাতো আয়েজন কৰা হয় বুথৰ সভাপতি সকলৰ প্ৰশিক্ষণ শিবিৰ ।
কংগ্ৰেছ দলৰ বুথ পৰ্যায়ৰ পৰাই কৰ্মীসকলক দলীয় ৰণকৌশল আয়ত্বৰ বাবে মৰিগাঁৱত জিলা পৰ্যায়ত প্ৰশিক্ষণৰ আয়োজন কৰা হয় । আগন্তুক লোকসভা নিৰ্বাচনত যাতে বিজেপিক পৰাজয় কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰিছে এই প্ৰশিক্ষণ । আজি এইদৰে মন্তব্য কৰিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰি তেওঁ কয়," মই সমষ্টিটোৰ সাংসদ হিচাপে দলৰ ওচৰত প্ৰাৰ্থিত্বৰ দাবী কৰিছো । আনসকলেও কৰিছে । টিকট দিয়া নিদিয়াটো দলৰ ওপৰত নিৰ্ভৰশীল ।
মৰিগাঁও জিলাৰ কংগ্ৰেছৰ উদ্যোগত বুথৰ সভাপতি সকলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । মঙলবাৰে মৰিগাঁও জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত মৰিগাঁও,লাহৰীঘাট, জাগীৰোড সমষ্টিৰ বুথ পৰ্যায়ৰ এজেণ্ট আৰু বুথৰ সভাপতি সকলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে । মৰিগাঁও ক্ষীৰোদ ভৱনত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে বিধায়ক ৰকিবুল হুছেইন, শিৱামনি বৰা, ববিতা শৰ্মা উপৰি কেইবাগৰাকী প্ৰদেশ কংগ্ৰেছ কমিটীৰ শীৰ্ষনেতা । এই প্ৰশিক্ষণ শিবিৰত উপস্থিত হৈ চামগুৰিৰ বিধায়ক তথা কংগ্ৰেছ দলৰ উপ-দলপতি ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে ।