ETV Bharat / state

Protest against CM: মৰিগাঁও চহৰৰ মাজমজিয়াত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

মুখ্যমন্ত্ৰীৰ এক ঘোষণাক লৈ উত্তাল হৈছে মৰিগাঁও জিলা ৷ হিন্দু বঙালীসকলে জনজাতি সংৰক্ষিত ভূমি ক্ৰয় কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পাচতে জাঙুৰ খাই উঠিছে সদৌ তিৱা ছাত্ৰসন্থা ৷ তেজ দি হ’লেও ভূমি ৰক্ষাৰ হুংকাৰ সংগঠনটোৰ (Tiwa organisations protest in Morigaon) ৷

Protest against CM
Himanta Biswa Sarma Effigy burnt at Morigaon
author img

By

Published : Jun 2, 2023, 10:31 PM IST

মৰিগাঁৱৰ মাজমজিয়াত জ্বলিল মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি

মৰিগাঁও, 2 জুন: ‘‘কোনো কাৰণতে জনজাতিৰ বাবে সংৰক্ষিত ভূমি এৰি দিয়া নহ’ব । প্ৰয়োজনত আমি তেজ দিম‌ তথাপিও মাটি দিয়া নহ’ব ।’’ এই মন্তব্য সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনীৰাম মালাঙৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হিন্দু বঙালীসকলে জনজাতি সংৰক্ষিত ভূমি ক্ৰয় কৰিব পাৰিব বুলি মন্তব্য কৰাৰ পিচতে শুকুৰবাৰে জাঙুৰ খাই উঠিছে সদৌ তিৱা ছাত্ৰ সন্থাকে আদি কৰি বহুকেইটা তিৱা জাতীয় সংগঠনৰ নেতৃত্ব (Protest against CM in Morigaon)।

সাংবাদিকৰে হোৱা বাৰ্তালাপত তেওঁলোকে কয় যে, হাজাৰ হাজাৰ, লাখ লাখ মানুহ ওলাই আহিব । আন্দোলন অধিক তীব্ৰতৰ হ’ব । ইয়াৰ লগতে প্ৰতিবাদকাৰী তিৱা ছাত্ৰ সন্থা নেতৃত্ব দাবী কৰে যে, তেওঁলোকে জনজাতি এলেকাত ৰাজধানী সম্প্ৰসাৰণ বিৰুদ্ধে চৰকাৰক দাবী জনাই আহিছে । একেদৰে তিৱা স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীভুক্ত কৰাৰ বাবে দাবী জনোৱাৰ সময়তে মুখ্যমন্ত্ৰীৰ এই ঘোষণাই জনজাতি বিৰোধী নীতিক প্ৰকট কৰিছে বুলি উল্লেখ কৰে সংগঠনসমূহে (Tiwa organisations protest in Morigaon)।

মৰিগাঁৱত জ্বলিল মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি:

হঠাৎ মৰিগাঁৱৰ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি । পিছে এই প্ৰতিবাদ কাৰ্যসূচীৰ বিৰুদ্ধে অজ্ঞ আছিল মৰিগাঁও আৰক্ষী । সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদৰ লগতে কেইবাটাও তিৱা জাতীয় সংগঠনে জনজাতি অধ্যুষিত এলেকাত চৰকাৰে আন শ্ৰেণীৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা সম্পৰ্কত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ' বেক, মুখ্য মন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি মৰিগাঁও চহৰৰ পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে (Himanta Biswa Sarma Effigy burnt at Morigaon)।

‌উল্লেখ্য যে, আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে গিজগিজাই থকাৰ পিচতো প্ৰতিবাদী তিৱা সংগঠন কেইটাই মৰিগাঁও চহৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৰিগাঁৱত । মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দিয়াৰ পিচতহে মৰিগাঁও আৰক্ষী উপস্থিত হয় প্ৰতিবাদস্থলীত ।

লগতে পঢ়ক: ASTC employees protest: পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়ত কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.