মৰিগাঁও, 10 জুন : মৰিগাঁৱত নিশা উত্তপ্ত পৰিস্থিতি ৷ পথৰ বাবে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষী অধীক্ষক পথ মেৰামতি কৰি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান । আৰক্ষী আৰু স্হানীয় একাংশ ৰাইজৰ মাজত সৃষ্টি হয় এই বাক বিতণ্ডাৰ (Tense situation in Morigaon) ৷
ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, নিশা মৰিগাঁও ঔজাৰিত আৰক্ষী আৰু স্হানীয় একাংশ ৰাইজৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় । জেচিবি আৰু ডাম্পাৰেৰে নৱ নিৰ্মিত পথৰে মাটিৰ গাড়ী কঢ়িওৱাক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ মাটি খন্দা তথা গাড়ীৰে কঢ়িওৱাক কেন্দ্ৰ কৰি ক্ষুণ্ণ হৈ পৰি স্থানীয় ৰাইজ ৷ উল্লেখ্য যে, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ নৱনিৰ্মিত ভৱনটোত মাটি পূৰণৰ বাবে ঔজাৰীস্থিত আৰক্ষী সংৰক্ষিত ভূমিৰ পৰা নিশা জেচিবিৰে মাটি খান্দি ড্ৰাম্পাৰৰ সহায়ত নিবলৈ ধৰোতে স্থানীয় ৰাইজে বাধা প্ৰদান কৰে । ইয়াৰ পিচতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি (Clash between in police and public ) ৷
ইয়াৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় মৰিগাঁৱৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস আৰু মাটি নকঢ়িয়াই বুলি স্থানীয় ৰাইজক প্ৰদান কৰে লিখিত প্ৰতিশ্ৰুতিৰ । আৰক্ষী অধীক্ষক আৰু সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে স্থানীয় ৰাইজক বুজাবলৈ প্ৰয়াস কৰে যদিও আৰক্ষী অধীক্ষকে লিখিত প্ৰতিশ্ৰুতি প্ৰদানৰ পিচতহে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে (Morigaon police)।
স্মৰ্তব্য যে, দীৰ্ঘদিন ধৰি সংশ্লিষ্ট এলেকাবাসীয়ে পথটোৰ দুৰাৱস্থাৰ বাবে ভুগিবলগীয়া হৈছিল যমৰ যন্ত্ৰণা ৷ বাৰিষাৰ সময়চোৱাত শিক্ষাৰ্থীকে ধৰি প্ৰতিগৰাকী নাগৰিকে যথেষ্ট কষ্ট স্বীকাৰ কৰি পথটোৰে আহ-যাহ কৰিছিল ৷ প্ৰায় এবছৰ পূৰ্বে ব্লক বহুৱাই পথটো নিৰ্মাণ কৰি তোলা হৈছিল আৰু নৱনিৰ্মিত এই পথেৰে জেচিবি, ডাম্পাৰ দৰে গধুৰ বাহন অহাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ ৷
লগতে পঢ়ক : aircraft crashed japan : দুখন বিমানৰ মাজত সংঘৰ্ষ; সংঘৰ্ষৰ পাচত বন্ধ কৰি দিয়া হয় ৰাণৱে