ETV Bharat / state

Child protection awareness program:মৰিগাঁৱত শিশু সুৰক্ষা গোটৰ 90 দিনীয়া সজাগতা অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 8:57 PM IST

শিশুৰ সুৰক্ষাৰ সন্দৰ্ভত ৰাজহুৱা সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে "সুৰক্ষিত শৈশৱ সোণালী অসম", "শৈশৱৰ ধেমালিবোৰ নিনিব কাঢ়ি", "গঢ়োঁ আহক অসমক শিশুৰ পৃথিৱী" আদি শ্লোগানেৰে মৰিগাঁও জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ৷

Child protection awareness program
মৰিগাঁৱত শিশু সুৰক্ষা গোটৰ 90 দিনীয়া সজাগতা অনুষ্ঠান

ধিং, 24 আগষ্ট : "সুৰক্ষিত শৈশৱ সোণালী অসম" শীৰ্ষক শ্লোগানেৰে মৰিগাঁও জিলা শিশু সুৰক্ষা গোট আৰু জিলা প্ৰশাসনৰ উদ্যোগত 90 দিনীয়া প্ৰচাৰ অভিযান অব্যাহত আছে ৷ বৃহস্পতিবাৰে মৈৰাবাৰী ৰাজহুৱা লাইব্ৰেৰীত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এক প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ৰাজহুৱা সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে "সুৰক্ষিত শৈশৱ সোণালী অসম", "শৈশৱৰ ধেমালিবোৰ নিনিব কাঢ়ি", "গঢ়োঁ আহক অসমক শিশুৰ পৃথিৱী" আদি শ্লোগানেৰে জিলাখনৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে প্ৰচাৰ চলাই আহিছে ।

কেৱল এয়াই নহয় জিলা শিশু সুৰক্ষা গোটে মৈৰাবাৰী লাহৰিঘাট, ভুৰাগাঁও, মায়ং জাগীৰোড, মিকিৰভেটা, মৰিগাঁও টাউন এলেকাকে ধৰি জিলাখনৰ বিভিন্ন স্থানৰ হাট, বজাৰ, হোটেল, ইটাৰ ভাটাত কাম কৰি থকা শিশুসকলক আনি স্কুলত ভৰ্তি কৰোৱাৰ লগতে তেওঁলোকৰ সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। শিশু সুৰক্ষা আইন, বাল্য বিবাহ, যৌন নিৰ্যাতন আৰু যিকোনো সম্ভাৱ্য বিপদৰ পৰা শিশুক ৰক্ষা কৰিবলৈ বিগত 90 দিন ধৰি চলি আহিছে এই প্ৰচাৰ অভিযান ৷

এই প্ৰচাৰ অভিযানৰ এক অংশস্বৰূপে আজি মৈৰাবাৰীত অনুষ্ঠিত হোৱা অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অংশগ্ৰহণ কৰে ৷ তেওঁ কয় যে, শিশু সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন কেতিয়াও অৱহেলা নকৰে বুলি আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰকাশ কৰে।

ইপিনে আজিৰ এই কাৰ্যসূচীত ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ বিষয়ববীয়া সকলো উপস্থিত থাকি শিশু সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ আৰু পদক্ষেপৰ বিষয়ে ভাষণ প্ৰদান কৰে।

লগতে পঢ়ক: SI Junmoni Rabha death case update: দুৰ্ঘটনাতেই SI জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ কথা প্ৰায় নিশ্চিত কৰিছে CBI য়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.