মৰিগাঁও, 19 জুলাইঃ দেওবাৰে মৰিগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । জিলাখনৰ বিভিন্ন ঠাইত হোৱা বান পৰিস্থিতি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
বান পৰিস্থিতি বুজ লোৰা উদ্দেশ্যে দেওবাৰে মৰিগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইতিমধ্যে বিভিন্ন জিলাৰ লগতে মৰিগাঁৱতো ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হোৱাত ঘৰ দুৱাৰকে ধৰি লাখ লাখ পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ সেই বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে মৰিগাঁৱৰ জাগীৰোড সমষ্টিৰ ঝাৰগাঁৱত উপস্থিত হৈ বানাক্ৰান্ত লোকসকলৰ পৰিস্থিতি বুজ লয় মুখ্যমন্ত্ৰী জনে । লগতে বানপানীত মৃত্যু হোৱা তিনিজন লোকৰ আত্মীয়ক প্ৰদান কৰে চেক । মুখ্যমন্ত্ৰী গৰাকীয়ে জাগীৰোডৰ মনহা,ঘগুৱা,পকৰীয়া আদি মৌজাৰ বহুকেইটা আশ্ৰয় শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ লয় ।
মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতি বুজ লোৱাৰ সময়ত সংগ দিয়ে জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত,ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী তথা জাগীৰোডৰ সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ।
লগতে পঢ়ক- সৰ্বানন্দ সোণোৱাললৈ টেলিফোন প্ৰধানমন্ত্ৰীৰ