ETV Bharat / state

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত জুই - ST STATUS DEMAND

জনজাতিকৰণৰ দাবীত ১২ ঘন্টীয়া বন্ধত স্তব্ধ ডিব্ৰুগড়ৰ জনজীৱন ৷ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ মৰাণ ছাত্ৰ সন্থা ৷

ST STATUS DEMAND
জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত জুই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 1:12 PM IST

ডিব্ৰুগড়: কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত কৰা মন্তব্যক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ কেবাটাও জনগোষ্ঠীয় দল-সংগঠন ৷ সোমবাৰে উজনি অসমত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত সৰ্বাত্মক বন্ধৰ আহ্বান জনায় কেবাটাও দল-সংগঠনে ৷ ডিব্ৰুগড়ত পুৱা 5 বজাৰ পৰা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে মৰাণ ছাত্ৰ সন্থা আৰু মটক যুৱ-ছাত্ৰ সন্মিলনে ।

প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্ল’গান প্ৰদানৰ লগতে দাহ কৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামৰ পুত্তলিকা ৷ বন্ধৰ ফলত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ ডিব্ৰুগড়ৰ লাহোৱাল, চাবুৱাৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ মৰাণ ছাত্ৰ সন্থাই ।

জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত জুই (ETV Bharat)

ৰাজপথত জৰুৰীকালীন সেৱাৰ বাহনৰ বাহিৰে আন বাহনৰ চলাচলত বাধা প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে । আৰক্ষীৰ তীব্ৰ বাধাৰ পাছতো ডিব্ৰুগড়ৰ ৰাজপথত ঠায়ে ঠায়ে জ্বলিল টায়াৰ । কোনো কোনো স্থানত আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰীৰ হতাহতিৰো সৃষ্টি হৈছে ।

লগতে পঢ়ক: জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়-তিনিচুকীয়াত ১২ ঘণ্টীয়া বন্ধ

উল্লেখযোগ্য যে, জনজাতিকৰণৰ দাবীত বছৰৰ পাছত বছৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল । শাসনলৈ অহাৰ পূৰ্বে বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেয়া কাৰ্যকৰী নকৰাত অসমৰ ছয় জনগোষ্ঠীৰ সংগঠনসমূহে একত্ৰিত সংগ্ৰামৰ বাবে আগবাঢ়ি আহিছে ।

ইয়াৰ মাজতে গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণক লৈ কৰা দায়সৰা মন্তব্যত সৰৱ হৈ পৰিছে উজনি অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহ । ফলত সোমবাৰে 12 ঘন্টীয়া ডিব্ৰুগড়-তিনিচুকীয়া বন্ধত স্তব্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ জনজীৱন ।

এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, ‘‘দীৰ্ঘদিনৰ পৰা আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী তুলি আহিছোঁ ৷ কিন্তু কোনে এখন চৰকাৰে আমাৰ এই দাবী কাৰ্যকৰী নকৰিলে ৷ নৰেন্দ্ৰ মোদীয়ে 2014 চনতে আমাক প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে সেয়া পূৰণ নহ’ল ৷ শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সংসদত উত্থাপন হোৱা নাই বুলি কৈ দায়সৰা মন্তব্য কৰিছে ৷ গতিকে আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছো ৷ যদি আমাৰ দাবী মানি নলয় তেন্তে অনিৰ্দিষ্ট কালৰ বাবে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰা হ’ব ৷’’

লগতে পঢ়ক: জুৱেল ওৰামৰ মন্তব্যত ক্ষোভত জ্বলিছে মৰাণ সংগঠন, প্ৰতিবাদৰ মাজতে জ্বলিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.