ETV Bharat / state

হাঁহ আৰু মূৰ্গী পালনেৰে দুই ভাতৃৰ আত্মসংস্থাপন

আঢ়ৈ মাহত আঢ়ৈ লাখ উপাৰ্জন

author img

By

Published : Feb 2, 2019, 11:19 PM IST

হাঁহ আৰু মূৰ্গী পালনেৰে দুই ভাতৃৰ আত্মসংস্থাপন

মৰিগাঁও, ২ ফেব্ৰুৱাৰীঃ ব্ৰয়লাৰ পুহি কৰ্মসংস্থাপন পোৱা মৰিগাঁৱৰ দুই যুৱক হৈছে বুধেন বৰদলৈ আৰু বিদ্যুৎ বৰদলৈ । মৰিগাঁৱৰ তৰাণি কলবাৰিৰ দুই যুৱকে ২০০৯ চনত টকা সুতত লৈ ব্ৰয়লাৰ ফ্ৰাৰ্ম খোলে । জানিব পৰা মতে ব্ৰয়লাৰ পোৱালিৰ দানা, ঔষধ সকলো যোগান ধৰিছিল ব্ৰয়লাৰৰ এটা কোম্পানীয়ে । ৪০/৫০ দিনৰ মূৰত ব্ৰয়লাৰ কোম্পানী টোৱে ৫০/৬০ হাজাৰ কমিচন দি সমূদায় ব্ৰয়লাৰ লৈ যায় । মুঠৰ ওপৰত এইখন ফ্ৰামত ৫/৬ বাৰ ব্ৰয়লাৰ পৰিচৰ্যা কৰি বছৰি ৫/৬ লাখ টকা উপাৰ্জন কৰে । বছৰ পিচত এই ব্ৰয়লাৰ ব্যৱসায়েৰে সুন্দৰকৈ চলিছে বুধেনৰ পৰিয়াল ।

etv bharat
হাঁহ আৰু মূৰ্গী পালনেৰে দুই ভাতৃৰ আত্মসংস্থাপন
undefined

Intro:হাঁহ আৰু মূৰ্গী পালনেৰে দুইভাতৃৰ আত্মসংস্হাপনৰ পথ মুকলি।আঢ়ৈ মাহত আঢ়ৈলাখ উপাৰ্জন ।পিছে কোন এই ভাতৃ দ্বয় আৰু ক'ত কেনেকৈ এই কৰ্ম কৰিছে এই সন্দৰ্ভত ইটিভি ভাৰত অসমৰ এক প্ৰতিবেদন।

Body:মৰিগাঁৱৰ দুই ভাতৃ। নাম বুধেন বৰদলৈ আৰু বিদ্যুৎ বৰদলৈ। মৰিগাঁও তৰাণি কলবাৰীৰ এই দুই ভাতৃয়ে ২০০৯ চনত শুভাৰম্ভ কৰিছিল এখন ব্ৰয়লাৰ ফ্ৰাৰ্ম। টকা সূতলৈ আনি নিৰ্মাণ কৰিছিল এটা ব্ৰয়লাৰ ঘৰ। ব্ৰয়লাৰ পোৱালি দানা,ঔষধ সকলো যোগান ধৰিছিল ব্ৰয়লাৰ এটা কোম্পানীয়ে। ৪০/৫০ দিনৰ মূৰত প্ৰাপ্তবয়স্ক ব্ৰয়লাৰ কোম্পানী টোৱে ৫০/৬০ হাজাৰ কমিচন দি লৈ যায় সমূদায় ব্ৰয়লাৰ।মুঠৰ ওপৰত এইখন ফ্ৰামত ৫/৬ বাৰ ব্ৰয়লাৰ পৰিচৰ্যা কৰি বছৰি ৫/৬ লাখ উপাৰ্জন কৰে টকা ।শুনক বুধেনৰ মুখেৰে।byte: Budhen bardoloi,selfemployee
হয়, ঠিকেই শুনিলে আপুনি। আনহাতে এইবোৰ পোৱালি আনিছে যোৱা ৬ জানুৱাৰীত আৰু কোম্পানীয়ে নিব ফেব্ৰুৱাৰীৰ ২৫/২৬ তাৰিখত।মুঠতে এনেদৰেই বছৰটোত ইবানৰ পাছত আনটো বান আনি কেৱল পৰিচৰ্যা কৰিয়েই বুধেনহতঁৰ পৰিয়ালটো চলিছে সুন্দৰকৈ। সেয়ে বহিঃৰাজ্যলৈ কৰ্মসংস্হাপনৰ বাবে ঢাপলি মেলাৰ শিক্ষিত যুৱকৰ প্ৰতি আহবান জনাই শিক্ষিত বুধেনে অসমীয়া আপ্তবাক্যৰে কলে লংকাত নিমখৰ দাম সস্তা দেহৰ বা কি অৱস্থা।byte:2
ইফালে শেহতীয়াকৈ ৫০,০০০ টকাৰে যোৱা অক্টোবৰ মাহত উন্নত প্ৰজাতিৰ ১০০০ টা হাঁহৰ পোৱালি ক্ৰয় কৰি আনিছিল কণি উৎপাদনৰ লক্ষ্যৰে।পিছে কণি উৎপাদন কৰাৰ বিপৰীতে ৩১ডিচেম্বৰ,১ জানুৱাৰী আৰু মাঘৰ বিহুৰ ভোজ ,বনভোজৰ বাবে বহু মানুহে হাঁহ বেছিবলৈ অনুৰোধ কৰাত প্ৰতিটো হাঁহ ৪০০/-টকাকৈ বিক্ৰী কৰি প্ৰায় ১৫/২০ দিনত ২,২০,০০০টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।byte:3.selfemployee, Budhen
এতিয়া বুধেনৰ ভৱিষ্যতৰ পৰিকল্পনা এটা ভাল পুখুৰীত মাছ উৎপাদনৰ।

Conclusion:মৰিগাঁৱৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট।ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.