মৰিগাঁও,14 মে': মৰিগাঁও লাহৰীঘাটৰ পামবৰীত চিপ লৈ থকা অৱস্থাত এজন ষাঠি বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বৃহস্পতিবাৰে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত পামবৰী গাঁৱৰ স্থানীয় লোকে যোগেশ্বৰ বৰদলৈ নামৰ লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে যদিও পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: জাগীৰোডত মহিলাৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ