মৰিগাঁও,12 নৱেম্বৰঃ মৰিগাঁৱত বিজেপিৰ ব্যাপক ৰাজনৈতিক তৎপৰতা দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে ৷ প্ৰতিদিনে বিভিন্ন ভাতৃ সংগঠনৰ গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে মৰিগাঁও জিলাত । সকলোৱে 2021 চনৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে উঠি পৰি লাগিছে ।
বুধবাৰে মৰিগাঁৱৰ পবিতৰা হাটপ্ৰেক্ষাগৃহত জিলা বিজেপিৰ অন্যান্য সাধাৰণ পিছপৰা মৰ্চাৰ এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত । অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সভাপতি গগণ ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধি,উপ সভাপতি খগেপ বৰদলৈ,অজিত ডেকা,নিৰ্মল কোঁৱৰ,সীমা বৰাকে ধৰি নেতাসকল উপস্থিত থাকি আগন্তুক নিৰ্বাচনত অবিচি মৰ্চাৰ সদস্য সকলে কেনেদৰে আনদলক পৰাভূত কৰিব সেই বিষয়ে ৰণকৌশল প্ৰস্তুত কৰে।
উল্লেখ্য যে,নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন আন ৰাজনৈতিক দল সমূহৰ লগতে বিজেপি দলেও ব্যাপক নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে ৷ নিৰ্বাচনত বিৰোধীক পৰাজিত কৰিবলৈ প্ৰায়ে অনুষ্ঠিত কৰি আহিছে সভা সমিতি ৷ এই ক্ষেত্ৰত দলৰ তৃণমূল কৰ্মীসকলক সক্ৰিয় কৰিবলৈ বিশেষভাৱে কাৰ্যসূচী লোৱা দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়কঃ আলফা(স্বা)ৰ উপমুখ্য সেনাধ্যক্ষ দৃষ্টি ৰাজখোৱাৰ আত্মসমৰ্পণ