ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শনিবাৰেও অব্যাহত বিজেপিৰ সংকল্প যাত্ৰা

author img

By

Published : Oct 26, 2019, 8:03 PM IST

মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে বিজেপিয়ে এক সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে । শনিবাৰে প্ৰতিকূল বতৰকো নেওচি ডিফু,মৰিয়নী,মৰিগাঁৱত শতাধিক বিজেপিৰ কৰ্মকতাই গান্ধী সংকল্প পদযাত্ৰা উলিয়ায় ৷

শনিবাৰেও অব্যাহত বিজেপিৰ সংকল্প যাত্ৰা

ছ'চেং ধেণ্টা আৰু নমাটি পৰিষদীয় সমষ্টিত বিজেপিৰ গান্ধী সংকল্প যাত্ৰাঃ

ডিফুঃ ১৫০ বছৰীয়া গান্ধী জয়ন্তী উপলক্ষে ১৫ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ সমগ্ৰ দেশজুৰি বিজেপিয়ে আৰম্ভ কৰা গান্ধী সংকল্প যাত্ৰাৰ অংশ স্বৰূপে বিজেপি শাসনাধীষ্ঠ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদেও শনিবাৰে ছ'চেংধেণ্টা পৰিষদীয় সমষ্টিৰ পাৰ্কুপ আংলঙত ষষ্ঠদিনৰ বাবে দশম গান্ধী সংকল্প পদযাত্ৰা উলিয়ায় ৷ এই সংকল্প যাত্ৰাত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙং,সাংসদ হৰেণসিং বে',বিধায়ক জয়ৰাম ইংলেঙকে ধৰি পৰিষদৰ কেইবাগৰাকী ই এম আৰু এমএচিয়ে অংশ গ্ৰহণ কৰে ৷

নমাটি পৰিষদীয় সমষ্টিত বিজেপিৰ গান্ধী সংকল্প যাত্ৰাঃ

'ভাৰত মাতা কী জয়' ধ্বনিৰে মুখৰিত হ'ল মৰিগাঁও চহৰৰ পৰিৱেশঃ

মৰিগাঁওঃ ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ মৰিগাঁৱটো শনিবাৰে বিজেপি কৰ্মীসকলে গান্ধী সংকল্প যাত্ৰা উলিয়ায় ৷ জিলাখনৰ শতাধিক কৰ্মীয়ে বিভিন্ন ঠাইত পদযাত্ৰাৰে উপস্থিত হৈ গান্ধীৰ এই সংকল্প যাত্ৰাৰ অংশীদাৰ হ'বলৈ আহ্বান জনায় ।

'ভাৰত মাতা কী জয়' ধ্বনিৰে মুখৰিত হ'ল মৰিগাঁও চহৰৰ পৰিবেশঃ

প্ৰতিকূল বতৰকো নেওচি মৰিয়নীত শতাধিক বিজেপি কৰ্মীৰ সংকল্প যাত্ৰাঃ

মৰিয়নীঃ মহামানৱ মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী উদযাপন লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষতে বিজেপিয়ে এক সংকল্প যাত্ৰা অনুষ্ঠিত কৰিছে। শনিবাৰে প্ৰতিকূল বতৰকো নেওচি বিয়লি মৰিয়নীৰ ডকলঙিয়া চাহ বাগিচাৰ পৰা এই সংকল্প যাত্ৰাৰ আৰম্ভণি কৰে। এই সংকল্প যাত্ৰাত যোৰহাটৰ সাংসদ তপন গগৈ,বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ প্ৰভাৰী শান্তনু পূজাৰীকে ধৰি প্ৰায় শতাধিক বিজেপিৰ কৰ্মকতাই অংশ লয় ।

মৰিয়নীত শতাধিক বিজেপি কৰ্মীৰ সংকল্প যাত্ৰাঃ

Intro:ব'ল' ব'ল' ভাৰত মাতা কী জয় ধ্বনিৰে মুখৰিত হল শনিবাৰৰ মৰিগাঁও চহৰৰ পৰিবেশ। গান্ধীৰ ভাও দি সকলোৱে দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হল গান্ধীৰ সংকল্প যাত্ৰাৰ পদযাত্ৰীয়ে।

Body:মৰিগাঁৱত বিজেপিৰ গান্ধীৰ সংকল্প যাত্ৰা। ৰাজ্যৰ বিভিন্ন জিলাৰ লেখীয়াকৈ মৰিগাঁও জিলা বিজেপি কৰ্মী সকলেও সকলোৱে মিলি নতুন ভাৰত গঢ়ো, বাপুৰ পথেৰে আগবাঢ়ো আদি শ্লগান দি মৰিগাঁও ৰাজপথ মুখৰিত কৰিতোলে। জিলাখনৰ শতাধিক কৰ্মীয়ে বিভিন্ন ঠাইত ফদযাত্ৰাৰে উপস্থিত হৈ গান্ধীৰ এই সংকল্প যাত্ৰাৰ অংশীদাৰ হবলৈ আহবান জনায়।
কাৰ্যতঃ শনিবাৰে জিলাখনৰ শলমাৰি,মৰিগাঁও,বঘৰা,ভকতগাও,জাগীৰোড , শংকৰী কলা বিকাশ কেন্দ্ৰত এই সংকল্প যাত্ৰাৰ অংশৰূপে জিলাখনৰ মুক্তি যুদ্ধা সমন্বয় সমিতি আৰু দলীয় বুথ সমিতি বিষয় ববীয়াৰে সভা আনুষ্ঠিত কৰি শেহতীয়াকৈ চৰকাৰে হাতত লোৱা গান্ধীজী সংকল্প যাত্ৰা সফল কৰিবলৈ আহবান জনায়।
আনহাতে এই পদযাত্ৰাত গান্ধীৰ বেশভুশা পৰিধানৰে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।

Conclusion:ratul deka etv. Bharat.morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.