ETV Bharat / state

MLA Ramakanta Deori: মৰিগাঁৱত অলৰ-অচৰ ৰমা; বিজয়ৰ বিশ্বাসেৰে দৃঢ় বিশ্বাসী বিধায়ক দেউৰী - জিলা আয়ুক্ত দেবাশীষ শৰ্মা

"এই মুহূৰ্তত যদি নিৰ্বাচন অনুষ্ঠিত হয় মোৰ আত্মবিশ্বাস আছে যে, মই ৰাজ্যৰ মুখ্যমন্ত্ৰী পিচতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হ'ম ।" ৰমাকান্ত দেউৰী ৷

মৰিগাঁৱত ৰমাকান্তক কোনেও লৰচৰ কৰিব নোৱাৰে - ৰমাকান্ত দেউৰী

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:31 PM IST

মৰিগাঁৱত ৰমাকান্তক কোনেও লৰচৰ কৰিব নোৱাৰে - ৰমাকান্ত দেউৰী

মৰিগাঁও, 2 অক্টোবৰ : "এই মুহূৰ্তত যদি নিৰ্বাচন অনুষ্ঠিত হয় মোৰ আত্মবিশ্বাস আছে যে, মই ৰাজ্যৰ মুখ্যমন্ত্ৰী পিচতে সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হ'ম । মই অসম তথা ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতি অধ্যয়ন কৰিছো । প্ৰাৰ্থীজনে অধ্যয়ন কৰিবই লাগিব । মই অধ্যয়ন কৰিছো । তাতে এইবাৰ মোৰ সমষ্টিৰ পূব আৰু পশ্চিম দিশত প্ৰায় নব্বৈ শতাংশ জনজাতি ভোটাৰ সোমাইছে । তেখেতসকলে মোক বিচাৰি আছিল ।" সোমবাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে মৰিগাঁও জিলাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷

লগতে ৰমাকান্ত দেউৰীয়ে কয়, ’’কংগ্ৰেছে সমষ্টিয়ে সমষ্টিয়ে গণ সমাৱেশ পতাৰ সন্দৰ্ভত কয় যে, মৰিগাঁৱৰ 30 টা পৰিষদীয় সমষ্টিত নহয় 100 টা পৰিষদীয় সমষ্টিত গণ সমাৱেশ পাতিলেও ৰমাকান্তক লৰচৰ কৰিব নোৱাৰে ৷ প্ৰয়োজন হ’লে আপোনালোকে ৰাইজক সুধি চাওক ৷’’

উল্লেখ্য যে, আগন্তুক 27, 28 আৰু 29 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা সদৌ অসম কণিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী মহোৎসৱৰ অস্থায়ী কাৰ্যলয়ৰ উদ্বোধন কৰা হয় । মৰিগাঁও জিলা কৃষি বিষয়াৰ কাৰ্যলয়ৰ প্ৰাংগণত আনুষ্ঠানিকভাৱে কাৰ্যলয়ৰ উদ্বোধন কৰে অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ তথা মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । লগতে তেওঁ কয় যে, যিহেতু মৰিগাঁৱত এই মহাৰজত জয়ন্তী মহোৎসৱ উদযাপন কৰা হ'ব সেয়েহে সকলোৱে সহযোগিতা আগবঢ়াব লাগিব ।

এই উপলক্ষে আয়োজিত সভাত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মা । কৃষি বিষয়া তথা আদৰণি সমিতি সভাপতি অশোক কুমাৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত উদ্বোধনী সভাখন আঁত ধৰে আদৰণি সমিতি সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকা আৰু কাৰ্যকৰী সভাপতি ৰাজেন ডেকাই । এই অনুষ্ঠানত আদৰণি সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী বিষয়-ববীয়াই অংশ লয় ৷

লগতে পঢ়ক: Assam CM wife land scam: ৰিণিকি ভূঞা শৰ্মাৰ নাম শুনিলেই অসমীয়া মানুহে ভয় কৰিবলৈ আৰম্ভ কৰিছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.