ETV Bharat / state

অগপৰে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পৰা নাই বিজেপিয়ে

author img

By

Published : Sep 14, 2020, 5:48 PM IST

লাহৰীঘাট সমষ্টিত অৰুণোদয় আঁচনিকে ধৰি আন কেইবাখনো আঁচনিৰ হিতাধিকাৰী বাচনিৰ সময়ত বিজেপিয়ে পালন কৰা নাই মিত্ৰতাৰ ধৰ্ম ৷ সোমবাৰে অগপৰ অক দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এই

BJP is not maintaining friendship with AGP says Nabajyoti baruah
অগপৰে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পৰা নাই বিজেপিয়ে

মৰিগাঁও, 14 ছেপ্তেম্বৰঃ মৰিগাঁৱৰ লাহৰীঘাটত শাসকীয় বিজেপি দলটোৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মিত্ৰদল অসম গণ পৰিষদে ৷ গেৰুৱাত অনুষ্ঠিত অসম গণ পৰিষদৰ এক দলীয় সাংগঠনিক সভাত শাসকীয়ে বিজেপি দলে অসম গণ পৰিষদৰ সৈতে মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব পৰা নাই বুলি মন্তব্য কৰে লাহৰীঘাট বিধানসভাৰ সমষ্টি সমিতিৰ সম্পাদক নৱজ্যোতি বৰুৱাই ৷ উল্লেখ্য যে, 2021ৰ বিধানসভা নিৰ্বাচনৰ বাবে অন্যান্য সমষ্টিসমূহৰ সমান্তৰালকৈ লাহৰীঘাট সমষ্টিটো অগপই তৎপৰতা প্ৰদৰ্শন কৰিছে ৷ ইয়াৰ অংশস্বৰূপেই সোমবাৰে সমষ্টিটোৰ গেৰুৱাৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত এক দলীয় সাংগঠনিক সভা অনুষ্ঠিত কৰি সমষ্টিটোৰ বিভিন্ন দিশৰ ওপৰত আলোচনা আগবঢ়ায় বহুকেইগৰাকী অগপ নেতাই ৷

লাহৰীঘাটত অগপৰ দলীয় সাংগঠনিক সভা

এই সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাঁও জিলা অগপৰ সভাপতি শান্তনু শৰ্মা আৰু অসম গণ পৰিষদৰ লাহৰীঘাট সমষ্টি সমিতিৰ সভাপতি গুলজাৰ হুছেইন, সম্পাদক নবজ্যোতি বৰুৱা ৷ লাহৰীঘাট সমষ্টিত অৰুণোদয় আঁচনিকে ধৰি আন কেইবাখনো আঁচনিৰ হিতাধিকাৰী বাচনিৰ সময়ত বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত অসন্তুষ্টি প্ৰকাশ কৰে নৱজ্যোতি বৰুৱাই ৷ আনহাতে, সভাপতি গুলজাৰ হুছেইনে মন্তব্য কৰি কয় যে, দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত থকা সমষ্টিবাসীৰ শেহতীয়াকৈ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ পিছতে মোহভংগ হৈছে ৷ সেয়েহে আগন্তুক বিধানসভা নিৰ্বাচনত 81 নং লাহাৰীঘাট সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী জয়যুক্ত হোৱাটো নিশ্চিত ৷

লাহৰীঘাটত অগপৰ দলীয় সাংগঠনিক সভা

লগতে পঢ়ক-প্ৰদ্যুৎ বৰদলৈক উভতি ধৰিলে মাৰ্ঘেৰিটা বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.