ETV Bharat / state

মৰিগাঁৱত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি - Biswakarma Puja Preparation at Morigaon

লক্ ডাউনৰ মাজতেই বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হ’ব বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। মৰিগাঁৱতো চলিছে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি ।

Biswakarma Puja Preparation at Morigaon
মৰিগাঁৱত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ ব্যাপক প্ৰস্তুতি
author img

By

Published : Sep 16, 2020, 10:37 PM IST

মৰিগাঁও, 16 ছেপ্তেম্বৰ : কৰ’ণা সন্ত্ৰাসৰ মাজতেই বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব বিশ্ব খনিকৰ শ্ৰী বিশ্বকৰ্মা পূজা । অনুষ্টুপীয়াকৈ হ'লেও সকলোৱে বাবা বিশ্বকৰ্মাক সন্তুষ্ট কৰাৰ বাবে অব্যাহত ৰাখিছে প্ৰস্তুতি । কৰ’ণা ভাইৰাছ,অৰ্থনৈতিক মন্দা অৱস্থাৰ মাজতো এডাল মালা ক্ৰয় কৰাৰ বাবে বিপণী সমূহত দেখা গৈছে ভক্তপ্ৰাণ ৰাইজৰ সমাগম ৷ মৰিগাঁৱৰ চহৰৰ লগতে বিভিন্ন অঞ্চলতো অনুৰূপ দৃশ্য ।

বিগত বছৰৰ তুলনাত এইবাৰ মন্দা ব্যৱসায়

শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ বাবে কোনোবাই যদি ফুলৰ মালা কিনিছে আন কোনোবাই বিশ্বকৰ্মাৰ মূৰ্তি দৰদাম কৰাৰ লগতে পদুম ফুল,কল,কুঁহিয়াৰ,মাহপ্ৰসাদ আদি সামগ্ৰী ক্ৰয় কৰি সাজু কৰি তুলিছে । মুঠৰ ওপৰত কি পুৰুষ,কি মহিলা সকলোৱে শ্ৰী শ্ৰী বিশ্বকৰ্মা বাবাৰ পূজাৰ বাবে বজাৰৰ পৰা নৈবেদ্যৰ সামগ্ৰী ক্ৰয় কৰিছে ।

বিশ্বকৰ্মা পূজাৰ উপলক্ষে বজাৰত গ্ৰাহক

অৱশ্যে এইবেলি লক্ ডাউন,কৰ’ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত ফুলৰ মালাৰ ব্যৱসায়ী,ফলমূলৰ ব্যৱসায়ীৰ বিক্ৰী পূৰ্বৰ লেখীয়া নহয় । এইবাৰ মন্দা পূজাৰ বতৰ । ইয়াৰ মাজতো খনিকৰ সকলে শ্ৰী শ্ৰী বিশ্বকৰ্মাৰ মূৰ্তিৰ শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৰিগাঁৱত । অৱশ্যে এইবাৰ যোৱা বাৰতকৈ মূৰ্তিৰ বিক্ৰীৰ সংখ্যা হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে মৃণ্ময় শিল্পীয়ে ।

লগতে চাওক-বিলাসীপাৰাত ভদীয়া বানৰ লগতে খহনীয়াৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.