ETV Bharat / state

মৰিগাঁৱত বিপদাপন্ন অৱস্থাত শীতৰ পখী

author img

By

Published : Dec 8, 2020, 5:06 PM IST

বিগতকালত বিগত বছৰসমূহত মৰিগাঁও জিলাৰ উদপুৰ বিল মুখৰিত হৈ পৰে হাজাৰ হাজাৰ পক্ষীৰ জলকেলিৰ কলৰৱত ৷ কিন্তু এইবেলি মাছমৰীয়াৰ দৌৰাত্ম্যৰ লগতে ভিন্ন লোকৰ দ্বাৰা সৃষ্ট শব্দ প্ৰদূষণে হ্ৰাস কৰিলে পক্ষীৰ আগমণৰ সংখ্য়া ৷

মৰিগাঁৱত বিপদাপন্ন অৱস্থাত শীতৰ পখী
মৰিগাঁৱত বিপদাপন্ন অৱস্থাত শীতৰ পখী

মৰিগাঁও, 8 ডিচেম্বৰ: মৰিগাঁৱত আগমণ শীতৰ পখীৰ ৷ শীতকালত বিগত বছৰসমূহত জিলাখনৰ উদপুৰ বিল মুখৰিত হৈ পৰে হাজাৰ হাজাৰ পক্ষীৰ জলকেলিৰ কলৰৱত ৷ কিন্তু মাছমৰীয়াৰ দৌৰাত্ম্যৰ বাবে নিকতৱৰ্তী আন এক জলাশয়লৈ ঢাপলি মেলিছে পক্ষীকুলে ৷

মৰিগাঁৱত বিপদাপন্ন অৱস্থাত শীতৰ পখী

তাৰ পাচতো উদয় হৈছে আন এক সমস্যাৰ ৷ প্ৰতিদিনেই সেই স্থানত আগমন ঘটা নানা লোকৰ বাহনৰ লগতে চাওণ্ড চিষ্টেমৰ উচ্চ ধ্বনিৰ ফলত হোৱা শব্দ প্ৰদূষণে শংকিত কৰি তুলিছে পক্ষীকুলক ৷ যাৰ বাবে মুক্তমনে জলকেলি কৰিব পৰা নাই পক্ষীকুলে ৷ এনেক্ষেত্ৰত শীতৰ আলহীবৃন্দৰ মুক্ত বিচৰণত লৈ চিন্তিত হৈ পৰিছে সচেতন নাগৰিককে ধৰি যুৱসমাজ ৷ স্থানীয় লোকৰ লগতে যুৱ সমাজে প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি পক্ষীকুললৈ বিপদ মাতি নানিবলৈ সংবাদ মাধ্যমযোগে আহ্বান জনালে ৰাইজক ৷

লগতে পঢ়ক: হালধীয়া আস্বাদনে আৱৰি ধৰিছে মাজুলীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.