মৰিগাঁও, 11 ডিচেম্বৰ : চৰকাৰৰ বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়ণ আৰু আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে । সমান্তৰালভাৱে মৰিগাঁও জিলা প্ৰশাসন উদ্যোগত ভুৰবন্ধা উন্নয়ন খণ্ডৰ ভিতৰুৱা শলমাৰী গাঁও পঞ্চায়তৰ কাৰ্যলয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বিকশিত ভাৰত সংকল্প যাত্ৰা । এই কাৰ্যসূচীত অসম চৰকাৰৰ মুখ্য সচিব পবন বৰঠাকুৰ আৰু পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কাই অংশগ্ৰহণ কৰি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় ।
এই কাৰ্যসূচীৰ অংশৰূপে ভুৰবন্ধা উন্নয়ন খণ্ডৰ ভিতৰুৱা কেইবাগৰাকী বিশেষ ব্যক্তিক মানপত্ৰৰে সম্বৰ্দ্ধনা জনাই মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই । ইফালে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচীত অসম চৰকাৰৰ দুয়োগৰাকী উচ্চপদস্থ বিষয়াই ভূৰবন্ধা উন্নয়ন খণ্ডৰ বিভিন্ন গাঁও পঞ্চায়তত ৰূপায়ণ কৰা আঁচনিসমূহৰ বুজ লয় ।
শ’লমাৰী গাঁও পঞ্চায়তৰ সভাপতি আমিনুল হ’কৰ পৌৰহিত্যত অনুষ্ঠিত হয় এই অনুষ্ঠানটো ৷ মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন চহৰীয়াই কয় যে, জিলাখনৰ সকলো চৰকাৰী বিভাগৰ জৰিয়তে ৰূপায়ণ কৰা সকলো আঁচনিৰ বিষয়ে বিতংভাৱে জনোৱাৰ উদ্দেশ্যৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰীৰ লগতে অতিৰিক্ত আয়ুক্ত বিমান দাস, মৈত্ৰেয় মৰাণ, খণ্ড উন্নয়ন বিষয়া ৰাহুল ডেকাসহ কেইবাগৰাকী বিষয়া উপস্থিত থাকে।
উল্লেখ্য় যে যোৱা 15 নৱেম্বৰৰ পৰা ভাৰত চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰি অহা হৈছে ৷
লগতে পঢ়ক: টকা গণনা কৰা কাম শেষ, কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ বাসগৃহত কিমান টকা উদ্ধাৰ হ’ল ?