ETV Bharat / state

নঙলা মুখত হেঁপাহৰ ৰঙালী

author img

By

Published : Apr 9, 2021, 9:45 PM IST

হেঁপাহৰ ব’হাগ বিহু লৈ মাজত মাথো কেইটামান দিন থকাৰ সময়তে মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত বিৰাজ কৰিছে ব্যাপক ব্যস্ততা ৷

নঙলা মুখত হেঁপাহৰ ৰঙালী
নঙলা মুখত হেঁপাহৰ ৰঙালী

মৰিগাঁও, 8এপ্ৰিল: পদুলি মুখত অসমীয়াৰ বাপতি সাহোন ৰঙালী । চাৰিওফালে এতিয়া হেঁপাহৰ বিহুটিক আদৰাৰ ব্যস্ততা । তাঁতশালত ব্যস্ত শিপীনী, বিহুৰ আখৰাত ব্যস্ত মৰিগাঁৱৰ জীয়ৰী-বোৱাৰী ৷

নঙলা মুখত হেঁপাহৰ ৰঙালী

তাঁতশালত মাকোৰ খিটখিটনী শব্দ । মৰমৰ দীঘ চেনেহৰ বানিৰে প্ৰিয়জনৰ বাবে বৈছে হেঁপাহৰ বিহুৱান । লগতে ব্যস্ত হৈ পৰি ঢোল নিৰ্মাতাসকলো । ঢোল চাৱনি দি তৰণি নোপোৱা হৈছে ঢোল নিৰ্মাতাসকল ।

ইফালে মৰিগাঁৱৰ বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে নয়নতৰা মহিলা সংঘৰ বিহুৱতী মহিলা সকল । মুঠৰ ওপৰত পুৰণি বিহু নামৰ জাতনাম, যোৰা নামৰ যোজনাত মুখৰিত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্ত ।

লগতে পঢ়ক: ৰঙালী বিহুলৈ কেইটামান দিন: উচাহ নাই ঢোল বিক্রেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.