মৰিগাঁও, 15 জানুৱাৰী : আজি ভোগালী বিহু ৷ ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৷ উৰুকাৰ নিশা ভেলাঘৰত সকলো একত্ৰিত হৈ ভোজ-ভাত খোৱাৰ পিছত সোমবাৰে পুৱা মেজি জ্বলাই সকলোৰে মংগল কামনাৰে সেৱা লয় ৰাইজে ৷ মেজি জ্বলোৱাৰ পিছতেই ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে পৰম্পৰাগত বিভিন্ন খেল-ধেমালি ৷
মৰিগাঁৱতো দেখা গ’ল ভোগালীৰ পাৰভঙা উছাহ ৷ ভোগালী বিহুৰ লগত সংগতি ৰাখি মৰিগাঁৱৰ দন্দুৱাত পৰম্পৰাগতভাৱে অনুষ্ঠিত হয় কণী যুঁজ ৷ প্ৰাচীন দন্দুৱা ৰাজ্যৰ দিনৰ পৰা পৰম্পৰাগতভাৱে চলি অহা এই কণী যুঁজত দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ ভোগালী বিহুৰ পুৱা স্নান কৰি ভকত-বৈষ্ণব সকলে ঘাই মেজিত অগ্নিসংযোগ কৰি আৰম্ভ কৰে কণী যুঁজ ৷ আনহাতে ইয়াৰ পিচতে নামঘৰত নাম প্ৰসংগৰে বছৰটো যাতে সকলোৰে কুশলে পাৰ হয় তাৰ বাবে আৰাধ্য দেৱতাৰ শ্ৰীচৰণত ধূপ-দীপ, নৈবেদ্য আগবঢ়াই দন্দুৱাবাসী ৰাইজে ৷
ইফালে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন গাঁও বিশেষকৈ বাৰপূজীয়া, চৰাইবাহী, চোলাপাৰ, দলৈচুবা, বেতনী,দমাল, এজাৰবাৰী, বঘৰা, তেলাহী, ধৰমতুল, মায়ং, মনহা, কুমৈ ভূৰবন্ধা, পচতীয়া, গছৰগুৰি,ঔজাৰি গাঁৱৰ ৰাইজে উলহ-মালহেৰে ভোগালী বিহু উদযাপন কৰা পৰিলক্ষিত হয় ৷ উৰুকাৰ নিশা ভেলা ঘৰত ভোজ-ভাত খাই পুৱা পৰম্পৰাগতভাৱে মেজি আৰু ভেলা ঘৰত অগ্নিসংযোগ কৰি অগ্নি পূজাৰ পৰম্পৰা সম্পন্ন কৰি কৰি উদযাপন কৰে হেঁপাহৰ মাঘ বিহু ৷
উল্লেখ্য যে, ভোগালী বিহুক কেন্দ্ৰ কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দেখা গৈছে এক উছৱমুখৰ পৰিৱেশ ৷ আজি পুৱা মেজি জ্বলাই অগ্নি সেৱা কৰাৰ পাছত বিভিন্ন অঞ্চলত ম’হ যুঁজ, কণী যুঁজকে ধৰি আৰম্ভ হয় বিভিন্ন পৰম্পৰাগত খেল-ধেমালি ৷
লগতে পঢ়ক : শ শ বছৰীয়া পৰম্পৰাৰে মাজুলীৰ সত্ৰানুষ্ঠানত ভোগালী উৎসৱ উদযাপন