ETV Bharat / state

অসম গৌৰৱ বঁটাৰে সন্মানিত বাবুল বৰাক সম্বৰ্ধনা মৰিগাঁৱত

author img

By

Published : Jan 12, 2021, 1:05 PM IST

কোনো কোনো ক্ষেত্ৰত সাহিত্যৰ শকতি বিজ্ঞানত কৈ বেছি । সাহিত্যই শুই থাকা মানুহক জগাই দিব পাৰে,জাগি থকা মানুক শুৱাই দিব পাৰে। মণিষীসকলে সাহিত্যৰ মৌ বুটলি আমালৈ সঞ্জীৱনী সুধা দি থৈ গৈছে। আমি পাণ কৰি জীৱন ধন্য কৰিব লাগে। এই মন্তব্য শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰধান সম্পাদক বাবুল বৰা।

অসম গৌৰৱ বঁটাৰে সন্মানিত বাবুল বৰাক সম্বৰ্ধনা মৰিগাঁৱত
অসম গৌৰৱ বঁটাৰে সন্মানিত বাবুল বৰাক সম্বৰ্ধনা মৰিগাঁৱত

মৰিগাঁও,12 জানুৱাৰীঃ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ জিলা নামঘৰত মৰিগাঁও জিলা শাখাৰ ৪৪ সংখ্যক প্ৰতিনিধিসভা অনুষ্ঠিত হয় সোমবাৰে। নৱ নিৰ্বাচিত সভাপতি প্ৰদীপ বৰাৰ পৌৰোহিত্যত জিলাৰ বাৰ্ষিক স্মৃতি গ্ৰন্থ "গুণনিধি" উন্মোচন কৰে প্ৰধান সম্পাদক বাবুল বৰাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই অসম চৰকাৰৰ "অসম গৌৰৱ" বঁটাৰে বিভূষিত হৈ মৰিগাঁও জিলা শাখা তথা শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে সম্বৰ্দ্ধনা জনায়।

এই সভাতেই আগন্তুক দুবছৰৰ বাবে এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰে। জিলা সভাপতি প্ৰদীপ বৰা,উপদেষ্টা ডাঃ পুণিৰাম পাতৰে শপত বাক্য পাঠ কৰাই। সভাই মূলৰ সদস্য হিচাপে ক্ৰমে বাবুল বৰা,হৰেন্দ্ৰ বৰা,দিপাংকৰ বৰদলৈ আৰু অশোক বৰুৱাক নিৰ্বাচিত কৰে। পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে মূলৰ সদস্য সকল ৷

লগতে চাওকঃ ভোগালীৰ প্ৰস্তুতিত ব‍্যস্ত বিধায়ক মৃণাল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.