ETV Bharat / state

International Day Against Drugs: মৰিগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা - মৈৰাবাৰী আৰক্ষী থানা

আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে মৈৰাবাৰী কলেজত অনুষ্ঠিত কৰা হয় ড্ৰাগছ বিৰোধী সজাগতা সভা । ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সহযোগিতাৰ আহ্বান জনায় মৰিগাঁও আৰক্ষীয়ে । ইয়াৰ লগতে ৩৫ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ দাহ কৰে মৰিগাঁও আৰক্ষীয়ে (Drugs burnt in Marigaon)।

marigaon
ড্ৰাগছৰ বিৰুদ্ধে সজাগ হোৱাৰ আহ্বান মৰিগাঁও আৰক্ষী অধীক্ষকৰ
author img

By

Published : Jun 26, 2022, 9:03 PM IST

ধিং, ২৬জুন: আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে মৰিগাঁও জিলাৰ আৰক্ষী-প্ৰশাসনৰ উদ্যোগত মৈৰাবাৰী কলেজত এখন সজাগতা সভা অনুষ্ঠিত হয় (Anti drugs campaign in Mairabari college)। উল্লেখ্য যে, মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্না নটৰাজনৰ নেতৃত্বত মৰিগাঁৱত প্ৰায় ৩৫ কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ দাহনৰ পাছত মৈৰাবাৰী কলেজত এখন ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰা হয় (Morigaon SP Aparna Natarajan)।

মৰিগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

মৈৰাবাবাৰী কলেজৰ অধ্যক্ষ চামচুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সজাগতা সভাত অঞ্চলটোৰ ৫ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে । মৈৰাবাৰী আৰক্ষী থানাৰ তৰফৰ পৰা বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা জনোৱাৰ পাছতেই অঞ্চলটোৰ পৰা বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰা আৰু নিষিদ্ধ ড্ৰাগছ সেৱনৰ পৰা কেনেকৈ যুৱ প্ৰজন্মক আঁতৰাই আনিব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয় ।

মৰিগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

সভাখনত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক অপৰ্না নটৰাজনে ভাষন প্ৰদান কৰি ড্ৰাগছ আসক্ত লোকসকলৰ কেইটামান লক্ষণ উল্লেখ কৰি কয় যে, ড্ৰাগছ আসক্ত লোকে নিজকে সদায় বন্ধুবৰ্গ আৰু পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি ৰাখে । আৰক্ষী অধীক্ষকগৰাকীয়ে এই আসক্ত লোকসকলক ড্ৰাগছৰ পৰা আঁতৰাই অনাৰ বাবে অনুপ্ৰেৰণা যোগোৱাৰ লগতে পৰামৰ্শ প্ৰদান কৰিব লাগিব বুলি মন্তব্য আগবঢ়ায় ।

মৰিগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত মৈৰাবাৰীৰ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আৰক্ষী অধীক্ষকগৰাকীয়ে আহ্বান জনায় । সভাখনত ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল গফুৰ, অৱসৰপ্ৰাপ্ত শিক্ষক ৰহম আলী, সমাজকৰ্মী জহিৰুল ইছলাম মুক্তাৰ, চিকিৎসক জয়া বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ড্ৰাগছৰ পৰা কেনেকৈ যুৱ প্ৰজন্মক আঁতৰাই আনিব পাৰি সেই সম্পৰ্কত ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক:আন্তর্জাতিক ড্ৰাগছ মুক্ত দিৱস উপলক্ষে বোকাখাত মহকুমা আৰক্ষীৰ চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.