ETV Bharat / state

শিক্ষক নোহোৱা বিদ্যালয়ত উত্তীৰ্ণৰ হাৰ 71% ! - দলৈগাঁও

1280 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে 13 জন শিক্ষক ৷ কিন্তু শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 71 শতাংশ।

শিক্ষক অভিহনে শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 71 শতাংশ
author img

By

Published : May 16, 2019, 1:03 PM IST

মৰিগাওঁ, ১৬ মেঃ পৰ্যাপ্ত শিক্ষকৰ অভাৱ কিন্তু তাৰ পাচতো চকুত লগা ফলাফল এখন চৰকাৰী বিদ্যালয়ৰ ৷ মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাই পৰ্যাপ্ত শিক্ষক, 1280 জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে 13 জন শিক্ষক ৷ কিন্তু শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 71 শতাংশ।

শিক্ষক অভিহনে শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 71 শতাংশ

বহু বছৰৰ ধৰি পৰ্যাপ্ত শিক্ষক অবিহনে চলি আহিছে বিদ্যালয়খন । শিক্ষানুষ্ঠানখনৰ পৰা প্ৰত্যেক বছৰে দুই এজনকৈ শিক্ষক শিক্ষয়িত্ৰী অৱসৰ গ্ৰহন কৰাৰ পাছতো শিক্ষা বিভাগে এই খালি পদ সমূহ পূৰণ নকৰাত বৰ্তমান 31 জন শিক্ষকৰ অভাৱ বিদ্যালয়খনত ।

বৰ্তমান 13 জন শিক্ষক-শিক্ষয়িত্ৰীয়ে বহু অসুবিধাৰ মাজতে পাঠদান চলাই নিব লগা হৈছে বিদ্যালয়খনত । এই সমস্যা সমাধানৰ বাবে চৰকাৰে অতি শীঘ্ৰেই শিক্ষক নিযুক্তি দি বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ ঘুৰাই আনিবৰ বাবে স্থানীয় ৰাইজে দাবী কৰিছে । কিন্তু তাৰ বিপৰীতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হাৰ 71 শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰ-ছাত্ৰী সকলে । তাৰোপৰি তিনিগৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ লাভ কৰিছে ৷

বিদ্যালয়খনৰ এই ফলাফলে এতিয়া উৎফুল্লিত কৰি তুলিছে শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে ৷

লগতে আন এটা বাতৰি- আৰ্থিক বাধাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধিঙৰ ছাত্ৰীৰ সাফল্য

Intro:পৰ্য্যপ্ত শিক্ষক অভিহনে চলি অহা বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ 71 শতাংশBody:মৰিগাওঁ জিলা মৈৰাবাৰী নিকটবৰ্তী বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়খন বহু বছৰৰ পৰা পৰ্যাপ্ত বিষয় আৰু সহকাৰী শিক্ষক অভিহনে চলি আহিছে। শিক্ষা অনুষ্ঠানখনত প্ৰত্যেক বছৰে দুই এজনকৈ শিক্ষক শিক্ষয়িত্ৰী অৱসৰ গ্ৰহন কৰাৰ পাছত শিক্ষা বিভাগে এই খালি পদ সমূহ পূৰন নকৰাত বৰ্তমান বিদ্যালয়খনত 31 জন শিক্ষকৰ অভাৱ হৈছে। 1947 চনত স্থাপিত এইখন বিদ্যালয়ত বৰ্তমান 1280 জন ছাত্ৰ-ছত্ৰীয়ে লিখা পঢ়া কৰিছে। এই বৃহত্ সংখ্যক ছাত্ৰ-ছত্ৰীৰ বিপৰীতে বৰ্তমান 13 জন শিক্ষক-শিক্ষয়িত্ৰীয়ে অধিক অসুবিধাৰ মাজতে পাঠদান চলাই নিব লগা হৈছে। ইপিনে বিজ্ঞান শাখাত ৰয়াসন বিজ্ঞান বিভাগৰ শিক্ষক নথকাৰ কাৰনে বিজ্ঞান শাখাতো জটিলতাৰ সৃষ্টি হৈছে। বিদ্যালয়খনত 1280 জন ছাত্ৰ-ছত্ৰীয়ে অধ্যায়ন কৰাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে অতি শীঘ্ৰেই শিক্ষক নিযুক্তি দি বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ ঘুৰাই আনিবৰ বাবে ৰাইজে ধাবী জনাইছে। এনে শিক্ষক অবিহনে চলি থকা বিদ্যালয়খনে সদ্যঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হাৰ 71 শতাংশ লাভ কৰিবলৈ সক্ষম হৈছে। বিদ্যালয়খনত তিনি গৰাকী শিক্ষাৰ্থীয়ে ষ্টাৰ নম্বৰ পাইছে বুলি জানিৱ পৰা গৈছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.