ETV Bharat / state

মৰিগাঁৱত বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ অগপ কৰ্মী - মন্ত্ৰী ফণীভূষণ চৌধুৰী

ধাৰাবাহিকভাৱে মৰিগাঁৱত অসম গণ পৰিষদৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । দলটোৱে অনুষ্ঠিত কৰিছে যোগদান কাৰ্যসূচী । বিগত পষেকত যুৱ পৰিষদ গঠন কৰাৰ পাচত মংগলবাৰে ৪১ জনীয়া ছাত্ৰ পৰিষদৰ শক্তিশালী সমিতি গঠন কৰা হয় । আঁচনি ৰূপায়ণত অগপৰ নাম নোলোৱাতো জানো মিত্ৰতাৰ ধৰ্ম বুলি শাসকীয় বিজেপি দলক প্ৰশ্ন ছাত্ৰ পৰিষদৰ ৷

ASSAM CHATRA PARISHAD ORGANISED at MORIGAON
মৰিগাঁৱত বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ অগপ কৰ্মী
author img

By

Published : Sep 16, 2020, 5:17 AM IST

মৰিগাঁও, 15 ছেপ্টেম্বৰ : অসম গণ পৰিষদৰ উদ্যোগত মৰিগাঁৱত ছাত্ৰ পৰিষদৰ ৪১ জনীয়া সমিতি গঠন কৰা হয় । মৰিগাঁও পবিতৰা হাট প্ৰেক্ষাগৃহত ৰাজু বৰদলৈৰ পৌৰহিত্যত অনুষ্ঠিত সাধাৰণ সভাত সৰ্বসন্মতি ক্ৰমে মানস জ্যোতি শইকীয়াক সভাপতি, অসীম ডেকাক উপসভাপতি, জিতু দাসক সম্পাদক হিচাপে লৈ এখন শক্তিশালী জিলা সমিতি গঠন কৰা হয় । অসম গণ পৰিষদৰ ভাতৃ সংগঠন তথা ছাত্ৰ পৰিষদৰ সমিতি গঠনৰ এই সভাত অসম গণ পৰিষদৰ মূল সমিতিৰ মুখপাত্ৰ বাণী দাস, মৰিগাঁও জিলা সমিতিৰ সভাপতি শান্তনু শৰ্মা, খালিছুদ্দিন আহমেদকে আদি কৰি বহুকেইজন জিলা সমিতিৰ অগপৰ নেতাই বক্তব্য ৰাখে ৷

মৰিগাঁৱত বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ অগপ কৰ্মী

ইয়াৰোপৰি ছাত্ৰ পৰিষদৰ ৰাজ্যিক সমিতিৰ সভাপতি ত্ৰিনয়ন বৰুৱাৰ প্ৰমুখ্যে বহুকেইজন ছাত্ৰ নেতাই অসম গণ পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্যেৰ বিষয়ে ব্যাখ্যা আগবঢ়াই । মৰিগাঁও সমষ্টি সমিতিৰ সম্পাদক ৰাজীৱ কাকতিয়ে আঁতধৰা এই ছাত্ৰ পৰিষদৰ সভাত মৰিগাঁও জিলা সম্পাদক বিজয় কুমাৰ নাথে মিত্ৰদলটোক কটু ভাষাৰে সমালোচনা কৰি কয় যে, আজি বিনামূলীয়া চাউল আমাৰ দলৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ নেতৃত্বত দিয়া হৈছে । কৃষকক টেক্টৰ দিছে অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত ৷ শাসকীয় দলটোৱে কেৱল তেওঁলোকে দিয়া বুলি ৰাইজৰ আগত ফিতাহি মাৰি ফুৰে বুলি কয় সম্পাদকগৰাকীয়ে ।

আনহাতে দলৰ অস্তিত্ব নোহোৱা কৰিছে বুলি বিজেপিৰ বিৰুদ্ধে মুকলি অভিযোগ তুলি জিলা সম্পাদক গৰাকীয়ে এইয়া জানো মিত্ৰতাৰ ধৰ্ম বুলি প্ৰশ্ন উত্থাপন কৰে দলৰ শীৰ্ষনেতৃত্বক ৷

লগতে পঢ়ক : যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.