মৰিগাঁও, ৩১ অক্টোবৰ: শিক্ষাৰ্থীৰ সুবিধাৰ্থে বিজ্ঞান আৰু বাণিজ্য পাঠক্ৰম মৰিগাঁৱৰ সকলো মহাবিদ্যালয়ত অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে। সংগঠনটোৰ জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰা হৈছে যে, সমগ্ৰ অসমৰ জিলা সমূহৰ ভিতৰত মৰিগাঁও জিলা এখন উল্লেখযোগ্য জিলা।
বৰ্তমানেও গণতান্ত্ৰিক মাধ্যমেৰে নিৰ্বাচিত ৩টাকৈ বিধানসভাৰ সমষ্টিৰ বিধায়ক, লোকসভাৰ সাংসদ, মন্ত্ৰীয়ে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে, মৰিগাঁও জিলাখনৰ শৈক্ষিক দিশতো অতি পুতৌজনক। কিয়নো, বৰ্তমানলৈকে জিলাখনৰ কোনো এখন চৰকাৰী মহাবিদ্যালয়ত কলা শাখাৰ সমান্তৰালকৈ বিজ্ঞান আৰু বানিজ্য শাখাত অধ্যয়নৰ বাবে সুবিধা নাই। ফলত শিক্ষাৰ্থীসকলৰ শৈক্ষিক দিশত কিছু হেঙাৰ আহি পৰিছে।
জিলাখনৰ প্ৰতিখন মহাবিদ্যালয়ত কলা, বিজ্ঞান, বানিজ্য এই তিনিওটা শাখা একেলগে ৰাখি শৈক্ষিক দিশৰ ভেঁটি শক্তিশালী কৰিবলৈ দাবী জনায় সংগঠনটোৱে। এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।