ETV Bharat / state

নিজৰ স্বাৰ্থৰ বাবে গঠন হৈ আছে নতুন দল: বিধায়ক ৰমাকান্ত দেউৰী

15 অক্টোবৰত গুৱাহাটীৰ ITA কেন্দ্ৰত জনজাতি সমন্নৰক্ষী সমিতিৰ দ্বাৰা গঠন হ'বলগীয়া নতুন দল 'United people's fornt' চমুকৈ UPF সন্দৰ্ভত প্ৰতিক্ৰিয়া মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ৷ বিধায়ক গৰাকীয়ে নিজৰ স্বাৰ্থৰ বাবে ৰাজনৈতিক দল গঠন কৰাটো অনুচিত বুলি মন্তব্য কৰে ৷

Reaction of Ramakant Deuri in Marigaon
মৰিগাৱত ৰমাকান্ত দেউৰীৰ প্ৰতিক্ৰীয়া
author img

By

Published : Oct 3, 2020, 10:39 AM IST

মৰিগাঁও, 3অক্টোবৰ : ৰাজ্যত গঠন হ'বলৈ গৈ আছে আৰু এক নতুন দল ৷ জনজাতি সমন্নৰক্ষী সমিতিৰ দ্বাৰা 'United people's fornt' চমুকৈ UPF নামৰ নতুন ৰাজনৈতিক দলটো অহা 15 অক্টোবৰত গুৱাহাটীৰ ITA কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া অভিৰ্ৱতনত গঠন হ'ব ৷ জনজাতি সমন্নয়ক্ষী সমিতিয়ে বুধবাৰে এই কথা ঘোষণা কৰাৰ পাচতেই মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ একালত নিজৰ ৰাজনৈতিক অভীপ্সা পূৰণৰ বাবে তিৱা জনগোষ্ঠীয়সকলক লৈ ৰাজনীতি কৰা ৰমাকান্ত দেউৰীয়ে কয়, ''মন গলেই নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনৈতিক দল গঠন কৰিব বা খুলিলে বুলিয়েই যে কৃতকাৰ্য হ'ব পাৰিব সেই কথা মই ব্যক্তিগতভাৱে বিশ্বাস নকৰো''। ইয়াৰ বাবে জনমতৰ প্ৰয়োজন বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে ৷

জনজাতীয় লোক সকলে আৰ্থ-সামাজিক, সাংস্কৃতিক-ৰাজনৈতিক অধিকাৰৰ হকে মাত মাতি আহিছে আৰু সেইবোৰ সমস্যা সমাধানৰ বাবে আন্দোলন কৰি আহিছে । ৰাজনৈতিক দলত সুবিধা নোপোৱাৰ বাবেহে এনদৰে নতুন ৰাজনৈতিক দল গঠন কৰা বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷

Reaction of Ramakant Deuri in Marigaon
মৰিগাৱত ৰমাকান্ত দেউৰীৰ প্ৰতিক্ৰীয়া

ইয়াৰ লগতে, বিধায়ক ৰমাকান্ত দেউৰীয়ে কয়, মইও এজন জনগোষ্ঠীয় হিচাপে এটা সময়ত মধ্য অসমত 'তিৱা জাতীয় ঐক্য মঞ্চ' নামেৰে দল খুলিছিলো । সময়ৰ আহ্বান আৰু কংগ্ৰেছ দলে কৰা শোষণৰ বিৰুদ্ধে মাত মাতিবলৈ দল খোলাৰ প্ৰয়োজনীয়তা আহি পৰিছিল বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে । এই মুহূৰ্তত সকলো সৰু-বৰ নদী,জান-জুৰিয়ে সাগৰত বিলীন হৈ যোৱাৰ দৰে সৰু-বৰ সকলো ৰাজনৈতিক দলে বিজেপিত চামিল হোৱাৰহে সময় । এনে সময়ত যি সকলে ৰাজনৈতিক দল খুলিছে তেখেতসকলৰ কেইবাগৰাকীও জনজাতীয় নেতাই বহু নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ।

অন্য এক খবৰৰ বাবে: আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ওপজা দিন

উল্লেখযোগ্য যে, মধ্য অসমৰ সাতটা বিধানসভা সমষ্টিৰ জনগোষ্ঠীয় লোকসকল বিধায়ক ৰমাকান্ত দেউৰীৰ লগত আছে বুলি দাবী কৰি নতুনকৈ গঠন হ'বলগীয়া জনগোষ্ঠীয় দলটোৱে আগন্তুক 2021 নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি চিন্তা চৰ্চা কৰা বহু সমষ্টিৰ এটাতো united people fornt দলে জয় লাভ নকৰে বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.