ETV Bharat / state

মৰিগাঁৱত শিশু খাদ্য বিতৰণৰ নামত দুৰ্নীতি

author img

By

Published : Oct 13, 2020, 2:26 PM IST

মৰিগাঁৱৰ লাহৰীঘাটত অংগনাবাড়ী কৰ্মী আৰু সহায়িকাৰ বিৰুদ্ধে অনিয়ম সংঘটিত কৰাৰ অভিযোগ অভিভাৱকৰ। শিশু আৰু গৰ্ভৱতী মহিলাৰ নামত আবণ্টিত খাদ্য সামগ্ৰী সঠিকভাৱে বিতৰণ নকৰাত ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ। প্ৰাপ্য বিচাৰি অংগনাবাড়ী কেন্দ্ৰৰ সন্মুখতে অভিভাৱকে সাব্যস্ত কৰিলে প্ৰতিবাদ।

মৰিগাঁৱত শিশু খাদ্য বিতৰণৰ নামত দুৰ্নীতি
মৰিগাঁৱত শিশু খাদ্য বিতৰণৰ নামত দুৰ্নীতি

মৰিগাঁও, ১৩ অক্টোবৰ: সমাজ কল্যাণ বিভাগৰ চৰম অৰাজকতাৰ ছবি প্ৰতিফলিত হৈছে মৰিগাঁৱৰ লাহৰিগাটত। নিজ ইচ্ছামতে লাহৰীঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাম চলোৱা বুলি অভিযোগ উত্থাপন হৈছে অংগনাবাড়ী কৰ্মী আৰু সহায়িকাৰ বিৰুদ্ধে। অভিভাৱকৰ বাৰম্বাৰ অনুৰোধৰ প্ৰতি গুৰুত্ব নিদিয়াত উপায়হীন হৈ প্ৰতিবাদ সাব্যস্ত কৰে।

বিগত ৯ মাহ ধৰি শিশু আৰু গৰ্ভৱতী মহিলাৰ নামত আবণ্টিত খাদ্য সামগ্ৰী বিতৰণ কৰা নাই অংগনাবাড়ী কৰ্মী আৰু সহায়িকাই। লকডাউনৰ ৩ মাহ মান পূৰ্বৰে পৰা কেন্দ্ৰটোলৈ কৰ্মী আৰু সহায়িকা অহা নাই।

কেন্দ্ৰটোৰ কৰ্মী ছাজিদা চুলতানাৰ পৰিৱৰ্তে স্বামী লুৎফুৰ ৰহমানে অংগনবাড়ী কেন্দ্ৰটোত মাজে মাজে আহি চোৱা-চিতা কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকে। প্ৰাপ্য সামগ্ৰী বিতৰণৰ দাবীত বৰালীমাৰীত সংহত শিশু উন্নয়ন প্ৰকল্পৰ সন্মুখত ক্ষোভ উজাৰিলে অভিভাৱকসকলে।

লগতে পঢ়ক:ডবকাৰ আকাশীগংগাত ভয়ংকৰ পথ দুৰ্ঘটনাত ২জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.