মৰিগাঁও, 27 ছেপ্টেম্বৰ : ৰাজ্যজুৰি অসম চৰকাৰৰ অধীনত অমৃত কলহ যাত্ৰা অব্যাহত আছে ৷ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বুধবাৰে জাগীৰোড সমষ্টিত "মোৰ মাটি মোৰ দেশ" অভিযানৰ অধীনত "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
মন্ত্ৰীগৰাকীয়ে পলাহগুৰি গাঁৱৰ পৰা নেলী পঞ্চায়তলৈকে মুঠ 4 কিলোমিটাৰ পদব্ৰজে শোভাযাত্ৰা কৰি ঘৰে ঘৰে মাটি সংগ্ৰহ কৰে। এই কাৰ্যসূচীত মৰিগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, স্থানীয় লোক, ছাত্ৰ-ছাত্ৰী, এন চি চি কেডেট, আৰক্ষী আৰু ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে। ঢোলে দগৰে সকলোৱে শোভাযাত্ৰাত অংশ লৈ অমৃত কলহত মাটি সংগ্ৰহ কৰে।
ইয়াৰোপৰি এই অনুষ্ঠানত গায়ন বায়নৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি সাংস্কৃতিক দলসমূহে ব্যাপক উৎসাহেৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, অহা 1 অক্টোবৰলৈকে ৰাজ্যৰ প্ৰতখন জিলাৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিটো ঘৰে ঘৰে মাটি অথবা মাটি নাথাকিলে এমুঠি চাউল সংগ্ৰহ কৰা হ'ব। অহা ২ অক্টোবৰত প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি আৰু চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁৱৰ পৰা শোভাযাত্রা কৰি গাঁও পঞ্চায়ত বা পৌৰ কাৰ্যালয়ত উপস্থিত হ'ব।
এক গাম্ভীর্যপূর্ণ কাৰ্যসূচীৰে সমুহ গাঁও/ ৱাৰ্ডৰ মাটি মিশ্রণ কৰি গাঁও পঞ্চায়তৰ অমৃত কলহত দান কৰা হ'ব। গাঁৱৰ পৰা লৈ অহা অৱশিষ্ট মাটিখিনি গাঁৱৰ উন্নয়নমূলক কামত ব্যৱহাৰৰ বাবে সন্মান সহকাৰে ৰাখি থোৱা হ'ব। 8 আৰু 15 অক্টোবৰৰ যিকোনো এটা দিনত অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্রা কৰি মর্যাদাসহকাৰে প্ৰেৰণ কৰা হ'ব। 25 অক্টোবৰত উন্নয়ন খণ্ড/ পৌৰ কাৰ্যালয়ত ইতিমধ্যে সংগৃহীত পবিত্র মাটিৰে পূৰ্ণ পিতলৰ কলহ দুটা গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানলৈ প্ৰেৰণ কৰা হ'ব।
26 অক্টোবৰত খণ্ড উন্নয়ন বিষয়া/পৌৰ কাৰ্যালয়ৰ পৰা অহা সমুদায় অমৃত কলহ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্ৰাংগণত সংগ্ৰহ কৰা হ'ব। 27 অক্টোবৰত ৰাজধানী এক্সপ্রেছৰ নির্দিষ্ট দবাত অসমৰ সমুদায় উন্নয়ন খণ্ড/ পৌৰ এলেকাৰ পৰা সংগৃহীত 20 টা কলহ লৈ নির্বাচিত যুৱক-যুৱতীসকলে নতুন দিল্লীলৈ যাত্ৰা কৰিব ৷ তাৰ পিচতে 28 অক্টোবৰত নতুন দিল্লীত উপস্থিত হ'ব যুৱক-যুৱতীৰ দলটো ।
পৰৱৰ্তী সময়ত এই পবিত্র ভূমি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক্ষেত্ৰৰ সমীপত নির্মীয়মাণ অমৃত বাটিকা বা অমৃত উদ্যানস্থলীলৈ লৈ যোৱা হ'ব।
লগতে পঢ়ক: Ayushman Excellence Award 2023: অসমলৈ কেন্দ্ৰৰ ২ আয়ুস্মান উৎকৃষ্টতাৰ পুৰস্কাৰ