ETV Bharat / state

Amrit brikshya andolan:মৰিগাঁৱত অমৃত বৃক্ষ আন্দোলন উপলক্ষে ইতিমধ্যে তিনি লাখ পুলি বিতৰণ - amrit brikshya andolan in morigaon

অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰণ মৰিগাঁৱৰ বনাঞ্চলিক বিষয়াৰ ৷ বৃহস্পতিবাৰৰ দিনটোত প্ৰায় তিনি লাখ বিশ হাজাৰ পুলি বিতৰণ হোৱাৰ আশা প্ৰকাশ কৰিছে তেওঁ ৷

Amrit brikshya andolan
অমৃত বৃক্ষ আন্দোলন
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:01 PM IST

অমৃত বৃক্ষ আন্দোলন

মৰিগাঁও, 14 ছেপ্টেম্বৰ : মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বৃহস্পতিবাৰে অমৃত বৃক্ষ আন্দোলন উপলক্ষে গছপুলি বিতৰণ কৰে মৰিগাঁৱৰ বনাঞ্চলিক বিষয়াই ! জিলাখনৰ 85 খন গাঁও পঞ্চায়ত, সাতখন মহাবিদ্যালয়, আঠখন আৰক্ষী থানাৰ লগতে ৰেজিষ্ট্ৰেশ্যন হৈ থকা স্কুললৈ গছপুলি বিতৰণৰে অভিলেখ গঢ়াৰ চেষ্টা চলাইছে মৰিগাঁও বন বিভাগে । পঞ্জীয়ন হোৱাতকৈ অধিক মূল্যৱান গছপুলি বিতৰণ কৰাৰ কথা জানিবলৈ দিয়ে বন বিষয়াগৰাকীয়ে । জিলাখনৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানলৈ প্ৰায় তিনিলাখ বিভিন্ন মূল্যৱান গছ পুলি আগবঢ়োৱা হৈছে ।

আগন্তুক ১৭ ছেপ্টেম্বৰত এক কোটি গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে । ইয়াৰ বাবে দুঘন্টাৰ ভিতৰত ১ কোটি বৃক্ষ ৰোপণ কৰাৰ বাবে অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী হাতত লৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । ইয়াৰ অংশৰূপে বৃহস্পতিবাৰে মৰিগাঁৱৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ পৰা মৰিগাঁৱৰ প্ৰতিখন গাঁও পঞ্চায়তলৈ প্ৰেৰণ কৰিছে গছপুলিবোৰ ।

জানিব পৰা মতে ৩,৪০,০০০ হাজাৰ গছপুলি ৰোপণ কৰা হ’ব কেৱল মৰিগাঁও জিলাতেই । ইতিমধ্যে জিলাখনৰ গাঁও পঞ্চায়ত সমূহত বিতৰণ কৰি থকা হৈছে বিভিন্ন প্ৰজাতিৰ গছপুলি । বৃহস্পতিবাৰে জিলা খনৰ ৮৯ খন গাঁও পঞ্চায়ত, জিলা পৰিষদ, মৰিগাঁও পৌৰসভা, মৰিগাঁও মহাবিদ্যালয়, ঘনকান্ত বৰুৱা মহাবিদ্যালয়, চৰাইবাহী মহাবিদ্যালয়, জাগীৰোড মহাবিদ্যালয়, মায়ং আঞ্চলিক মহাবিদ্যালয়, মৈৰাবাৰী মহাবিদ্যালয়কে ধৰি সাতখন মহাবিদ্যালয়ৰ লগতে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়, লাহৰীঘাট, কপিলী, মায়ং প্ৰাথমিক শিক্ষাখণ্ডৰ সকলো স্কুল আৰু আৰক্ষী থানাত ৩,৪০,০০০ বিভিন্ন মূল্যৱান গছৰ পুলি বিতৰণ কৰা হৈছে বুলি মৰিগাঁও বনাঞ্চলিক বিষয়া ৰবীন বৈশ্যৰ মন্তব্য ।

লগতে পঢ়ক : Tree Plantation in Assam: চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ প্ৰতি দহ লাখৰো অধিক লোকৰ সঁহাৰি

Amrit Brikshya Andolan: ধুবুৰীত ৩ লাখ অমৃত বৃক্ষ ৰোপণৰ প্ৰস্তুতি

Amrit brikshya andolan:বনাঞ্চল ধ্বংস কৰি বনানীকৰণ কেনেদৰে সম্ভৱ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.