ETV Bharat / state

Mid day meal scam: মৈৰাবাৰীৰ এখন বিদ্যালয়ত চলিছে ধন লুন্ঠনৰ প্ৰতিযোগিতা

author img

By

Published : Jun 14, 2022, 5:02 PM IST

মৈৰাবাৰীৰ এখন বিদ্যালয়ৰ চৰকাৰী ধন লুন্ঠনৰ প্ৰতিযোগিতা(Mid day meal scam in Laharighat) ৷ লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ মৈৰাবাৰীৰ নিকটৱৰ্তী হাতীমূৰীয়াৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ মাজত তীব্ৰ বাক-বিতণ্ডা ৷

Allegations of scam in mid-day meal in Moirabari Primary school
Mid day meal scam: মৈৰাবাৰীৰ এখন বিদ্যালয়ত চলিছে ধন লুন্ঠণৰ প্ৰতিযোগিতা

ধিং, 14 জুন : মৰিগাঁও জিলা শিক্ষা বিষয়াৰ অজ্ঞাতে আৰু লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়াৰ ৰহস্যজনক ভূমিকাৰ সুযোগ গ্ৰহণ কৰি লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত হাতীমূৰীয়া বালক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নজৰুল ইছলাম আৰু সভাপতি হাৰুণ ৰছিদৰ মাজত মধ্যাহ্ন ভোজন, ইউনিফৰ্ম বিতৰণ আঁচনি আৰু বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন আদি আঁচনিৰ পৰা সৰকোৱা ধনৰ ভাগ বটোৱাৰাকলৈ তীব্ৰ সংঘাতৰ সৃষ্টি হয়(Scam in mid day meal in Moirabari Primary school) ।

সোমবাৰে বিদ্যালয়খনৰ এছ এম চিৰ কাৰ্যকৰী বৈঠকত প্ৰধান শিক্ষক নজৰুল ইছলামে এছ এম চিৰ সভাপতি হাৰুণ ৰছিদৰ বিৰুদ্ধে চৰকাৰী ধন হৰলুকি কৰাৰ অভিযোগ ৰাজহুৱা কৰে । সভাপতিগৰাকীয়ে অভিযোগ অস্বীকাৰ কৰি প্ৰধান শিক্ষকগৰাকীৰ ওপৰত খঙত অগ্নিশৰ্মা হৈ দুৰ্ব্যৱহাৰ কৰি শেষত ক্ষমা খুজিবলৈ বাধ্য হয় ।

বিদ্যালয়খনত ৰূপায়ণ হোৱা চৰকাৰী আঁচনিৰ খৰচৰ হিচাব সভাখনত দাখিল কৰিব নোৱাৰাত উপস্থিত এছ এম চিৰ সদস্য-সদস্যাসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰধান শিক্ষক, সভাপতিক অতি শীঘ্ৰেই মধ্যাহ্ন ভোজনকে ধৰি অন্যান্য আঁচনিৰ খৰচৰ হিচাব সম্পৰ্কে অৱগত কৰিবলৈ দাবী উত্থাপন কৰাত সভাই এই বিষয়ে প্ৰস্তাৱ গ্ৰহণ কৰে । ইফালে, প্ৰধান শিক্ষক আৰু এচ এম চিৰ সভাপতিয়ে ইজনে সিজনৰ বিৰুদ্ধে চৰকাৰী ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । ইতিমধ্যে এই লোক দুজনৰ বিৰুদ্ধে ৰাইজে শিক্ষা বিভাগৰ দায়িত্বত থকা মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্তলৈ ইতিমধ্যে অভিযোগ দাখিল কৰিছে ।

লগতে পঢ়ক : লখিমপুৰত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.