মৰিগাঁও, 8 ছেপ্তেম্বৰ: মৰিগাঁৱত বান সাহায্য বিতৰণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মৰিগাঁও ৰাজহ চক্ৰৰ অধীনৰ দক্ষিণ দুৱণি গাঁৱত সোমবাৰে নিশা এটা বে-চৰকাৰী সংস্থাই বান সাহায্য বিতৰণৰ বাবে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ দায়িত্ব অৰ্পণ কৰে চৰকাৰী গাঁওবুঢ়াগৰাকীক ৷ কিন্তু সংস্থাটোৱে প্ৰস্তুত কৰিবলৈ দিয়া এই তালিকাত আৰ্তজনৰ বিপৰীতে একাংশ ধনী ব্যক্তিয়ে স্থান লাভ কৰে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
গাঁওবুঢ়া দুগৰাকী ক্ৰমে প্ৰদীপ বৰদলৈ আৰু বিজয় বৰদলৈৰ বিৰুদ্ধে উত্থাপিত হৈছে এই স্বজন-তোষণ প্ৰীতিৰ অভিযোগ ৷ এই কাণ্ডৰ ফলত সাহায্য লাভৰ পৰা বঞ্চিত একাংশ হিতাধিকাৰীয়ে উত্তেজিত হৈ গাঁওবুঢ়া দুগৰাকীক প্ৰহাৰ কৰিবলৈ উদ্যত হয় ৷ ইফালে, গাঁওবুঢ়া দুগৰাকীয়ে এই অভিযোগ খণ্ডন কৰি সংস্থাটোৱে নিৰ্দেশ দিয়া অনুসৰি হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা বুলি মন্তব্য প্ৰকাশ কৰে ৷