মৰিগাঁও, ২১ জুন: অৱশেষত জল্পনা-কল্পনাৰ অন্ত পেলাই মঙলবাৰে সন্ধিয়া ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ উল্লেখ্য় যে এই খচৰাখনত নাম সলনি হৈছে তিনিটাকৈ লোকসভা সমষ্টিৰ ৷ অহা ১১ জুলাইলৈকে এই খচৰা সন্দৰ্ভত পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময় সীমা বান্ধি দিছে ভাৰতৰ নিৰ্বাচন আয়োগে ৷ সেই অনুসৰি খচৰা সন্দৰ্ভত অসমৰ দল-সংগঠনকে ধৰি আন অংশীদাৰ সকলৰ পৰা ৰাজহুৱা শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে ৷ এই শুনানিৰ বাবে জুলাইত পুনৰ অসম ভ্ৰমণলৈ আহিব ভাৰতৰ নিৰ্বাচন আয়োগৰ দল । নিৰ্বাচন আয়োগে এই খচৰা প্ৰস্তাৱ প্ৰকাশ কৰাৰ পিচতেই বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহৰ লগতে তিৱা সংগঠনেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।
মৰিগাঁও চহৰত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে তিৱা ছাত্র সন্থাই । আৰক্ষীৰ সৈতে হতা-হতি হয় তিৱা ছাত্ৰ সন্থাৰ কৰ্মী সকলৰ । ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা বিধানসভা সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ খচৰাত মধ্য অসমত তিৱা সকলৰ বাবে এটাও সমষ্টি সংৰক্ষণ নকৰাৰ প্ৰতিবাদত বুধবাৰে সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা মহিলা সন্থা, তিৱা সাংস্কৃতিক সমাজ আৰু জনজাতি সমষ্টি সংৰক্ষণ দাবী সমিতিৰ যৌথ উদ্যোগত মৰিগাঁও চহৰত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে । বিগত বহু বছৰ ধৰি তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বত সকলো তিৱা সংগঠনে নিৰ্বাচন আয়োগক দাবী কৰি আহিছিল মধ্য অসমৰ যিকোনো এটা সমষ্টি জনজাতিৰ বাবে সংৰক্ষণ কৰিবলৈ । কিন্তু ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাত মধ্য অসমৰ এটাও সমষ্টি জনজাতিৰ বাবে সংৰক্ষণ নকৰাত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে তিৱা ছাত্র সন্থাই ।
সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰশান্ত মছৰঙে ক্ষোভ প্ৰকাশ কৰি কয় যে ১৯৭৭ চনলৈ মৰিগাঁও বিধানসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত আছিল যদিও শেহতীয়াকৈ মুকলি কৰি দিয়াৰ পিছতে মধ্যে অসমত জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টি নোহোৱা হৈ পৰে । এই বিষয়ে সদৌ তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বই ভাৰতীয় নিৰ্বাচন আয়োগ আৰু নিৰ্বাচন আয়োগৰ সমষ্টি নিৰ্দ্ধাৰণৰ প্ৰতিনিধি দলক লিখিত ভাৱে জনাইছিল যদিও গুৰুত্ব প্ৰদান নকৰিলে আয়োগে ।
লগতে পঢ়ক:Bhupen Barah: এইখন খচৰা মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে কান্দিব লাগিব বিজেপি আৰ এছ এছে