ETV Bharat / state

লুৰিণক আক্ৰমণৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ

লুৰিণজ্যোতি গগৈক আক্ৰমণৰ পাচতে ক্ষোভত জ্বলিছে অসম জাতীয় পৰিষদৰ মৰিগাঁও সমষ্টি সমিতি । মৰিগাঁৱত অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ । বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি শীঘ্ৰে দোষীক শাস্তি বিহাৰ দাবী ।

author img

By

Published : Mar 3, 2021, 11:19 AM IST

লুৰিণজ্যোতিক আক্ৰমণৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ

মৰিগাঁও,৩ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচন । ৰাজ্যৰ নেতা-মন্ত্ৰীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ঠায়ে-ঠায়ে দল-সংগঠনসমূহৰো অব্যাহত আছে প্ৰতিবাদ । বিজেপিয়ে চৰম হতাশাত ভূগি এনেদৰে গুণ্ডা বাহিনী লগাই সভাপতি লুৰিণজ্যোতি গগৈৰ ওপৰত আক্ৰমণ কৰিছে । মৰিগাঁও বিহুতলীত অসম জাতীয় পৰিষদৰ মৰিগাঁও সমষ্টি সমিতিৰ উদ্যোগত অনুষ্ঠিত বিক্ষোভ প্ৰদৰ্শনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বাণী দাসে ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ ওপৰত কৰা বিজেপি বাহিনীৰ আক্ৰমণক কঠোৰ ভাষাৰে সমালোচনা অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বাণী দাসৰ । এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী বুবুল দাস, এজেপিৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য আহ্বায়ক জীতেন ডেকাসহ শীৰ্ষ নেতাসকলে বিজেপি চৰকাৰক কটু ভাষাৰে সমালোচনা কৰে ।

উল্লেখযোগ্য যে, নিৰ্বাচনী প্ৰচাৰৰ বাবে নলবাৰীলৈ যোৱাৰ সময়ত বৰভাগত আক্ৰমণ কৰা হৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক । পাচত ঘটনা সন্দৰ্ভত দলটোৰ উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰীয়ে লুৰিণজ্যোতি গগৈৰ সমদলত সংঘটিত এই আক্ৰমণ বিজেপিৰ বিধায়ক নাৰায়ণ ডেকাৰ নেতৃত্বত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে ।

প্ৰায় ৫০-৬০ জনীয়া দলটোত বিজেপিৰ লক্ষী কলিতা, তুলেন বৈশ্য, মহেন্দ্ৰ নাথ শৰ্মা, উদয় বৈশ্য, কিংকৰ কলিতা, অজয় তালুকদাৰ জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনাই এজেপিৰ নেতা পুলকেশ বৰুৱা আৰু দলটোৰ নলবাৰী জিলা সমিতিয়ে নলবাৰী সদৰ থানাত এক এজাহাৰ দাখিল কৰে ৷

মৰিগাঁৱত প্ৰতিবাদ
মৰিগাঁৱত প্ৰতিবাদ

লগতে পঢ়ক: হাগ্ৰামাই বাহিনীৰ দখলত থকা ১২ খন আসন সন্দৰ্ভত কি ক'লে প্ৰদ্যুৎ বৰদলৈয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.