ETV Bharat / state

মন্ত্ৰী পীযুষ হাজৰিকাক লৈ কি ক’লে আইমীয়ে ? - পীযুষ হাজৰিকা

সমাগত নিৰ্বাচনত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা প্ৰাৰ্থী জাগীৰোড সমষ্টিত নাই ৷ বুধবাৰে জাগীৰোডৰ চাৰাংকুছিত এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী তথা অভিনেত্ৰী আইমী বৰুৱাই ৷

aimee baruah comments
আইমী বৰুৱাৰ মন্তব্য
author img

By

Published : Mar 17, 2021, 10:33 PM IST

Updated : Mar 17, 2021, 10:46 PM IST

মৰিগাঁও,17 মাৰ্চ: মৰিগাঁও জিলাৰ জাগীৰোডৰ চাৰাংকুছিত বুধবাৰে এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় উদ্বোধন কৰি স্বামী তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ হৈ এক বিস্ফোৰক মন্তব্য কৰে অভিনেত্ৰী আইমী বৰুৱাই ৷ 79 নং জাগীৰোড বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী পীযুষ হাজৰিকাক নিৰ্বাচনত জয়ী কৰাৰ বাবে প্ৰচাৰত উঠি পৰি লাগিছে পত্নী আইমীয়ে ৷

আইমী বৰুৱাৰ মন্তব্য

এইবেলি নিৰ্বাচনত মন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা প্ৰাৰ্থী জাগীৰোড সমষ্টিত নাই বুলি মন্তব্য কৰে আইমী বৰুৱাই ৷

উল্লেখ্য যে, প্ৰাক্তন বিজেপি তথা অনুসূচীত জাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ স্বপন কুমাৰ মণ্ডল এইবাৰ জাগীৰোড বিধান সভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৷ ইফালে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ দলত্যাগৰ পাচতেই সমষ্টিটোত হিন্দু বঙালী ভোটবেংকৰ মাজত স্বপন মণ্ডলে প্ৰৱেশ কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা পৰিলক্ষিত হৈছে ।

গতিকে মন্ত্ৰী পীযুষ হাজৰিকাৰ স্বাৰ্থতেই শিলাদিত্যক সৈমান কৰাৰ দৰে সমষ্টিৰ বিভিন্ন ঠাইত সকলোৱে উঠি পৰি লাগিছে ৷

লগতে পঢ়ক : ধেমাজিত তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান

Last Updated : Mar 17, 2021, 10:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.