মৰিগাঁও, 8 এপ্ৰিল : বহিঃৰাজ্যৰ যুৱকৰ জালত এইবাৰ মৰিগাঁৱৰ এগৰাকী বোৱাৰী । স্থানীয় লোকে সদৰি কৰা মতে স্বামী আৰু এগৰাকী তিনি বছৰীয়া কন্যাক এৰি বহিঃৰাজ্যৰ যুৱকৰ সৈতে পলাই যায় বোৱাৰী গৰাকী ৷
লগতে পঢ়ক:ডিব্ৰুগড়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত মকড্ৰিল
ঘটনাৰ বিৱৰণী মতে মৰিগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত নটুৱা গাঁৱৰ শংকৰ নাথৰ পত্নীয়ে দেওবাৰৰ পৰা মৰিগাঁও চহৰৰ ফুলবাৰীত বিয়া খাবলৈ গৈ বুধবাৰৰ লৈকে নিখোজ হৈ থাকে। যোৱাৰ পৰত এখন পত্ৰ লিখি থৈ গৈছিল মহিলা গৰাকীয়ে ৷ অৱশেষত কিছু আপত্তিজনক তথ্য ভিত্তিত অভিয়ান চলাই গুৱাহাটী এটা ল'জৰ পৰা উদ্ধাৰ কৰা হয় মহিলা গৰাকীক ৷
লগতে পঢ়ক:জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ
মহিলাগৰাকীয়ে এজন বহিঃৰাজ্যৰ যুৱকৰ সৈতে মুম্বাইলৈ যোৱা পৰিকল্পনা কৰিছিল ৷ বৰ্তমান মৰিগাঁও আৰক্ষীৰ জিম্মাত আছে মহিলাগৰাকী ৷
লগতে পঢ়ক: লাহোৱালৰ 15 দিনীয়া বিহু কৰ্মশালাৰ সফল সামৰণি