ৰূপহীহাট, 22 এপ্ৰিল : ৰূপহীহাটৰ জুৰীয়াত ক’ভিড প্ৰ’ট’কল অমান্য কৰে এজন শিক্ষকে ৷ চৰকাৰৰ নিৰ্দেশক অৱমাননা এজন চৰকাৰী শিক্ষকৰ ৷ জানিব পৰা মতে, শিক্ষকগৰাকীৰ নাম আনোৱাৰ হুছেইন ৷
প্ৰাপ্ত তথ্য অনুসৰি, মাস্ক নিপিন্ধাকৈ গাড়ী চলাই আহিছিল শিক্ষকগৰাকীয়ে ৷ মাস্ক পৰিধান নকৰাৰ বাবদ আৰক্ষীয়ে ১০০০ টকাৰ জৰিমনা বিহে শিক্ষকগৰাকীক ৷ যাৰ বাবে আৰক্ষীৰ লগত তৰ্ক-বিতৰ্কত লিপ্ত হয় শিক্ষকগৰাকী ৷ আনকি আৰক্ষী তথা চৰকাৰৰ এই নিৰ্দেশক লৈ কটুক্তি কৰে আনোৱাৰ হুছেইন নামৰ শিক্ষকগৰাকীয়ে ৷ যাৰ বাবে জুৰীয়া আৰক্ষীয়ে শিক্ষকগৰাকীক আটক কৰি লৈ যায় থানালৈ ৷ উল্লেখ্য যে, চৰকাৰে নিজে নিয়ম বান্ধি নিজে পালন নকৰাৰ অভিযোগ উত্থাপন কৰে শিক্ষকগৰাকীয়ে ৷
লগতে পঢ়ক: শিক্ষাবিদ হেমচন্দ্ৰ গোস্বামীৰ দেহাৱসান