মৰিগাঁও,6 আগষ্ট: আশীৰ দেওনা অতিক্ৰম কৰা সাহিত্যৰ এগৰাকী নীৰৱ সাধক ৷ এ ই সাধকগৰাকীয়ে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে ষষ্ঠ শ্ৰেণীলৈ ৷ নছিৰ আহমেদ নামৰ ব্যক্তি গৰাকীয়ে নিৰৱচ্ছিন্ন সাধনাৰ জৰিয়তে বিলাই গৈছে সাহিত্যৰ পৰশ ৷ জিলাখনৰ প্ৰতিগৰাকী সাহিত্যনুৰাগীৰ পদূলিত বাজে ব্যক্তিগৰাকীৰ চাইকেলৰ বেল ৷ মৰিগাঁৱৰ বাসিন্দা উক্ত ব্যক্তিগৰাকীক হাৰ মনাব পৰা নাই বয়সে ৷ এগৰাকী যুৱকৰ লেখীয়াকৈ অদম্য কৰ্মশক্তিৰে আগুৱাই গৈছে জীৱন যুদ্ধত ৷ সাহিত্যিক-পেঞ্চনাৰ হিচাপে পৰিচিত নছিৰ আহমেদে শৈশৱৰ পৰাই অব্যাহত ৰাখিছিল সাহিত্য চৰ্চা ৷ আহমেদৰ সংগী হৈছে এখন চাইকেল ৷ চাইকেলৰ কেৰিয়াৰত কঢ়িয়াই লৈ ফুৰে কেইখনমান কাকত ৷ শ্বেত বস্ত্ৰ পৰিধান কৰি মুখত একোমোৰা হাঁহি লৈ সাহিত্যনুৰাগী লোকৰ পদূলিয়ে পদূলিয়ে গৈ চৰ্চা কৰে সাহিত্যৰ ৷
1965 চনত আহমেদে প্ৰকাশ কৰে "ভুল যেতিয়া ভাগে" শীৰ্ষক গ্ৰন্থখন ৷ তাৰপিছত থমকি ৰোৱা নাই ব্যক্তিগৰাকীয়ে ৷ ৰাজ্যৰ আগশাৰীৰ কাকতত প্ৰকাশ পাইছে মিতভাষী লেখক হিচাপে পৰিগণিত হোৱা আহমেদৰ বিভিন্ন লিখনি ৷ 2008 চনত আহমেদে লাভ কৰে সাহিত্যিক পেঞ্চন ৷ 2009 চনত লাভ কৰে উত্তৰ-পূৰ্বাঞ্চলৰ সাহিত্য প্ৰেৰণা বঁটা ৷ মহানগৰীৰ অনাতাঁৰ কেন্দ্ৰলৈকো আমন্ত্ৰিত হৈছিল নছিৰ আহমেদ ৷ মৰিগাঁৱৰ সাপমাৰী অঞ্চলৰ নৱপ্ৰজন্মক সাহিত্যৰ দিশত আগুৱাই অনাটোকে লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰিছে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে ৷ দৈনিক 8-10 কিল’মিটাৰ এলেকা চাইকেলেৰ পৰিভ্ৰমণ কৰি সাহিত্য চৰ্চা কৰে ব্যক্তিগৰাকীয়ে ৷ নৱপ্ৰজন্মৰ লিখনি কাকতত প্ৰকাশ হ’লে হাতত তুলি দিয়া ব্যক্তিগৰাকীয়ে সাহিত্য চৰ্চাৰ নামত ব্যয় কৰে পেঞ্চনৰ ধন ৷ মৰিগাঁৱৰ এইগৰাকী সাহিত্যৰ সাধকৰ প্ৰশংসাত সম্প্ৰতি পঞ্চমুখ জিলা আৰক্ষী অধীক্ষক নন্দ সিং বৰকলা ৷ বৰকলাৰ মতে মাটি আৰু মানুহৰ মাজত এক সংযোগ সেঁতু গঢ়াৰ সমন্বয়ক নছিৰ আহমেদ ৷
উল্লেখ্য যে, এইগৰাকী মৰিগঞা সাহিত্যিকে নৱপ্ৰজন্মক সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াই নিয়াৰ বেলিকা যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া নিসন্দেহে শলাগিবলীয়া ৷ ৰাজ্যৰ বিশিষ্ট কবি, সাহিত্যিকসকলৰ সমান্তৰালকৈ ফেৰ মাৰিবলৈ সক্ষম হোৱা বৰ্ষীয়ান সাহিত্যিকগৰাকীৰ দীৰ্ঘায়ু কামনা কৰিলো ইটিভি ভাৰতৰ তৰফৰ পৰা ৷
লগতে চাওকঃ বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ড:লক্ষাধিক মূল্যৰ সম্পত্তি বিনষ্ট