মৰিগাঁও, 7 জানুৱাৰী: বৃহস্পতিবাৰে মৰিগাঁও সাংবাদিক সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত নৱ প্ৰজন্মৰ লেখিকা মমী নাথৰ গল্প সংকলন "পাৰ নাইট 500" শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয় ৷ গ্ৰন্থখন উন্মোচন কৰে শিল্পী সদানন্দ গগৈয়ে ৷ ভাষণ প্ৰংগত শিল্পী গৰাকীয়ে কয়,মৃতপ্ৰায় অসম প্ৰকাশন পৰিষদক গতিশীল কৰাৰ বাবে মই শপত গ্ৰহণ কৰাৰ পাচত যি কৰিব লাগে সেয়া কৰিছিলো। যাৰ বাবে সাত বছৰে বন্ধ হৈ থকা অসম প্ৰকাশ আৰু মুকুতা প্ৰকাশ পাঠকৰ ওচৰ পাইছিল গৈ ৷
ইয়াৰোপৰিও শিল্পী সদানন্দ গগৈয়ে কয় যে,আধুনিক ইন্টাৰনেটে মানুহক তথ্য দিব পাৰে।কিন্ত জ্ঞান দিব নোৱাৰে। সেয়ে আজিও গ্ৰন্থৰ আদৰ কমা নাই। পৃথিৱীত মানুহ থাকে মানে গ্ৰন্থৰ আদৰ থাকিব।
লগতে পঢ়ক: জবকাৰ্ডে হাঁহি বিৰিঙাইছে শ্ৰম হেৰুওৱা শ্ৰমিকৰ মুখত