ধিং, 16 অক্টোবৰ: এইবাৰ চিনেমাৰ নায়ক দৰেই নিলম্বন হ’ল জাগীৰোডৰ এজন কনিষ্ঠ অভিযন্তা ৷ নিলম্বন হোৱা কনিষ্ঠ অভিযন্তাজন সঞ্জীৱ পাঠক বুলি জানিব পৰা গৈছে (A junior engineer at Jagiroad suspended) ৷
ঘটনা অনুসৰি, কনিষ্ঠ অভিযন্তা সঞ্জীৱ পাঠকৰ বিৰুদ্ধে স্থানীয় ৰাইজে বহুকেইটা অভিযোগ উত্থাপন কৰিছে ৷ এই অভিযোগৰ ভিত্তিতেই মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই (Morigaon DC Debasish Sharma) ক্ষেত্ৰ ভিত্তিত কনিষ্ঠ অভিযন্তা সঞ্জীৱ পাঠকৰ বিৰুদ্ধে তদন্ত কৰি সোমবাৰে তেওঁক নিলম্বন কৰে ৷ জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাৰ এনে তৎকালীনভাৱে লোৱা পদক্ষেপৰ বাবে জাগীৰোড অঞ্চলৰ ৰাইজে উপায়ুক্তগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ।
![A junior engineer at Jagiroad suspended](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-17oct-suspension-asc10013_17102022184957_1710f_1666012797_624.jpg)
উল্লেখযোগ্য যে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ (Assam Public Health Engineering Department) এক বৃহৎ আঁচনি ৰূপায়নৰ ক্ষেত্ৰত চৰম গাফিলতি কৰি অহাৰ লগতে চৰকাৰী কামত অৱহেলা কৰি অহাৰ অভিযোগত কনিষ্ঠ অভিযন্তা সঞ্জীৱ পাঠকক এইদৰে নিলম্বন কৰা হয় ৷
মনকৰিবলগীয়া যে, কিছুদিন পূৰ্বে কণ্ঠশিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ (Tejaswita Boruah death) ঘটনাই সমগ্ৰ ৰাজ্য তোলপাৰ লগাইছিল ৷ গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত শিল্পীগৰাকীৰ মৃত্যু হৈছিল । উপযুক্ত চিকিৎসাৰ অভাৱতে তেজশ্বীতা মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাৰ পাছতে নিলম্বন কৰা হৈছিল চিকিৎসাখনৰ অধ্যক্ষ ডাঃ অমূল্য গোস্বামীক (Majuli Garhmur hospital superintendent suspended) ৷
![A junior engineer at Jagiroad suspended](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-dhing-01-17oct-suspension-asc10013_17102022184957_1710f_1666012797_679.jpg)
ইয়াৰ লগতে, বিগত কেইদিন পূৰ্বে হোজাইৰ লংকাত স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছিল হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক ৷ স্কুটী আৰোহীক লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে ওলোটা দিশত অহা অৱস্থাত খেদি-খেদি প্ৰহাৰ কৰাৰ অভিযোগ এই দুই বিষয়াৰ বিৰুদ্ধে (Allegedly assaulting elderly citizen) ৷
লংকাৰ ৭ নং ৱাৰ্ডৰ শীলবস্তিত সংঘটিত হৈছিল এই ঘটনা ৷ সমগ্ৰ ঘটনাটোৰ দৃশ্য বন্দী হৈ ৰৈছিল চিচি টিভি কেমেৰাত ৷ নিলম্বন হোৱা বিষয়াদুগৰাকী ক্ৰমে, হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা (Hojai DC and ADC suspended) ৷
লগতে পঢ়ক: Jihadi Arrested: নলবাৰীৰ লগতে তামুলপুৰতো গ্ৰেপ্তাৰ দুই জেহাদী