মৰিগাঁও, 27 মাৰ্চ:
ম’হৰ শিং একুৰা
ম’হৰ শি বেকুৰা
আগলি বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাটত বাওঁ
আহে কিনাহে অ’ মোৰেধন চেনাইটি
চিৰি পাতি মঙলখন চাওঁ
চহা অসমীয়াৰ বাপতি সাহোন হেপাঁহৰ ব’হাগৰ বিহুটিৰ এক অবিচ্ছেদ্য লোকবাদ্য গগনা ৷ এচটা আগৰি বাঁহেৰে নিৰ্মিত এইবিধ লোকবাদ্যৰ অবিহনে অসমীয়া লোক সংস্কৃতি আধৰুৱা ৷ বিহুৰ বতৰত অতিকৈ আদৰৰ এই গগনাৰ অমিয়া মাতে বিহুবলীয়া অসমীয়াক মতলীয়া কৰে ৷ সমান্তৰালকৈ বিহুৱা, বিহুৱতীক বাৰুকৈয়ে প্ৰভাৱিত কৰে এই গগনাৰ সুমধুৰ সুৰে ৷ সাধাৰণতে বিহুত ব্যৱহৃত গগনা দুবিধ ৷ এবিধ ৰামধন গগনা ৷ আনবিধ লাহৰী গগনা । ইয়াৰে ৰামধন গগনা বিহুৱাই তথা ডেকাই বাই ৷ আনহাতে লাহৰী গগনা বিহুৱতীয়ে তথা ছোৱালীয়ে বায় (Folk instrument Gogona) ৷
গগনা আৰণি
গগনা পুৰণি
গগনা কিহেৰে বাওঁ
দুফালে দুচটি মাজতে এচটি
উশাহৰ টিপতে বাওঁ
গগনা সাধাৰণতে বিহু যোৰাই বিহুনাম পকি উঠাৰ পাচত জাত নাম, যোৰা নামৰ পৰিৱেশনৰ পূৰ্বে ঢোল-তালৰ বাজনাত নাচনীয়ে সামান্য ককাঁল সঞ্চালনা কৰি ওঁঠত ফাঁকত লৈ এখন হাতৰে এটা মূৰত ধৰি আনটো মূৰত আনখন হাতৰ এটা আঙুলিৰে টুকুৰীয়াই বাই । ইয়াৰ লগত বজাওঁতাজনৰ মুখৰ কৌশল প্ৰয়োগ কৰি বজোৱাটো পৰিলক্ষিত হয় ৷ সেইয়া যিকি নহওক এইবিধ লোকবাদ্যৰ সুৰ সকলোৰে চিনাকি৷
গগনাৰ তাল, মান, লয় শুনিলেই বিহু বলীয়া ডেকা গাভৰুৱে চিনি পায় ৷ সেই ভূৱন ভুলুৱা সুৰত ইতৰ পক্ষীৰ সমান্তৰালকৈ কোনেনো বজালে লাহৰী বিহুৱতী গাভৰুৰ গাতো দেওধনি লাগে ৷ তাকে বিহুৰ যোজনাত গাইছে-
কোনেনো বজালে লাহৰী গগনা
কিনো অমাতৰ মাত
সেই মাতে শুনি দেও ৰাজে হাঁহৰ
দেওধনি লাগিছে গাত, ম’হৰ শিঙৰ মৌমিঠা মাত
ম’হৰ শিঙৰ মাতে শুনি ৰ’ব মই নোৱাৰা
এৰি যাওঁ পেটৰে ভাত
অসমীয়াৰ অন্যতম লোকবাদ্য ম’হৰ শিঙৰ এজন সুনিপুন শিল্পী মৰিগাঁও সাপমাৰী গাঁৱৰ মানিক চন্দ্ৰ নাথ নাম এইজন অনাখৰী চহা শিল্পীয়ে নৱ প্ৰজন্মৰ মাজল অসমীয়া লোকবাদ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ঘৰুৱা দহোবন কাটি কৰি বিগত পাচটা দশক ধৰি অব্যাহত ৰাখিছে এই কৰ্ম ৷ মানিক চন্দ্ৰ নাথৰ আশাশুধীয়া প্ৰচেষ্টাৰ বলতেই ৰাজ্যৰ বিভিন্ন অঞ্চললৈ আমদানি কৰিছে যোৰীয়া মহৰ শিঙৰ পেঁপা (Folk instrument Pepa) ৷ আনকি পত্নীয়ে যোগান ধৰিলেও খাবলৈ- শুবলৈ মন নকৰি মাথোঁ লোকবাদ্য নিৰ্মাণতে মনোনিবেশ কৰে এইজন মৰিগঞা চহা লোকশিল্পী মানিক নাথে ।
লগতে পঢ়ক: Preparation for Rangali bihu: নাচনীৰ মন বলিয়া কৰিবলৈ বাইহাটাৰ জয়ন্তই এইবাৰো সাজিছে ম’হৰ শিঙৰ পেঁপা