লাহৰীঘাট,6 ডিচেম্বৰঃ দীৰ্ঘ দিন ধৰি ইটোৰ পিছত সিটো ভুৱা গোচৰ জাপি দি কৃষক নেতা অখিল গগৈক কাৰাবন্দী কৰি ৰাখিছে চৰকাৰে ৷ ইফালে কৃষক নেতা জনৰ মুক্তিৰ দাবীত বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন অব্যাহত ৰাখিছে ৷ সমান্তৰালকৈ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কছাৰীবড়ী বজাৰৰত আজি কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে ৷
![A_DHING_02_6 DEC_KMSS PROTEST_10013](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9784119_lah.jpg)
আনহাতে, কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত জাপি দিব খোজা নতুন 'কৃষি আইন 2020'ৰ লগতে 'নাগৰিক্ত সংশোধনী আইন' চমুকৈ 'কা' বাতিলৰ দাবীত চৰকাৰৰ বিৰুদ্ধে কছাৰীবড়ী বজাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে। ইফালে প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে । অতি শীঘ্ৰে অখিল গগৈক মুকলি কৰি দিয়াৰ লগতে কা আৰু কৃষি আইন বাতিল কৰিবলৈ চৰকাৰক দাবী জনাই ৷ যদি চৰকাৰে এই দাবী সমূহ মানি নলয় তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক-দুৰ্নীতিৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো শোভা নাপায় : দুৰ্গা দাস বড়ো